ভাৰত বন খেল সমাৰোহ সম্পন্ন

0 248

চট্টিছগড়ৰ ৰায়পুৰত ৯ ৰ পৰা ১৩ জানুৱাৰীলৈ অনুষ্ঠিত ২৪ তম সদৌ ভাৰত বন খেল সমাৰোহ ২০১৯ত অসম বন বিভাগে বিষয়া কৰ্মচাৰীৰে গঠিত ৩৩ জনীয়া এটি খেলুৱৈৰ দল প্ৰেৰণ কৰিছিল। এই দলটোৱে ৭ টি পদক জিনি অন্য বছৰ সমূহৰ তুলনাত এইবাৰ চমকপ্ৰদ সফলতা দেখুৱাবলৈ সক্ষম হৈছে। এই খেল সমাৰোহত উত্তৰ কামৰূপ বন সংমণ্ডলৰ চিলা  ৰেঞ্জাৰ ৰবীন বৈশ্যই ভাৰত্তোলনত ১টা সোণৰ আৰু ১টা তামৰ মুঠ ২ টা পদক, বন সুৰক্ষা বাহিনীৰ নয়নমণি শইকীয়াই ভাৰত্তোলনত ১টা সোণৰ পদক, অসম ৰাজ্যিক চিৰিয়াখানাৰ ডি. এফ. অ. তেজছ মৰিস্বামীয়ে স্কোৱাছত ১টা ৰূপৰ পদক, ঢলাৰ ফৰেষ্টাৰ বিজয় চেতিয়া পাত্ৰই  ১টা ৰূপৰ আৰু  দিস্কাছ থ্রোত ১টা তামৰ পদক আৰু বন সুৰক্ষা বাহিনীৰ অৰ্জুন ছেত্ৰীয়ে ৪০০ মিটাৰ দৌৰত ১টা ৰূপৰ পদক অৰ্জন কৰে।এই পদকপ্ৰাপ্ত বিষয়া কৰ্মচাৰীখেলুৱৈকেইজনক অহা ১৭ জানুৱাৰী,২০১৯ তাৰিখে গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত অসম বন বিভাগৰ মুখ্য কাৰ্য্যালয় অৰণ্য ভৱনত সম্বৰ্ধনা জনোৱা হ’ব বুলি জানিব পৰা গৈছে।

Leave A Reply

Your email address will not be published.