ভেকচিন ল`বলৈ অনিচ্ছুক লোকৰ মাজত উপস্থিত হৈছে জনপ্ৰতিনিধি

0 207

ৰাজ্যজুৰি হৰ ঘৰ দস্তক কাৰ্যসুচী পূৰ্ণগতিত চলি আছে৷এশ শতাংশ ক’ভিড ভেকচিন প্ৰদানৰ লক্ষ্যৰে হৰ ঘৰ দস্তক কাৰ্যসূচীত চিকিৎসক,স্বাস্থ্যকৰ্মী , আশাকৰ্মী,গাঁওবুঢ়াসকলকে ধৰি সকলো ব্যস্ত হৈ পৰাৰ সময়তে সন্মুখীন হৈছে কেতবোৰ অহেতুক পৰিস্থিতিৰ৷একাংশ ভেকচিন ল’বলৈ অনিচ্ছুক লোকৰ কাষত উপস্থিত হ’বলগীয়া হৈছে জনপ্ৰতিনিধিসকলো৷
জামুগুৰিহাটৰ টৌভঙা তৰাজান গাঁৱতো ভেকচিন ল’বলৈ অনিচ্ছুক কেবাগৰাকীও লোকক আজি চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা নিজে উপস্থিত থাকি বিভিন্ন প্ৰকাৰৰ বুজনি আৰু চতুৰ কৌশলেৰে ভেকচিন প্ৰদান কৰিবলৈ সক্ষম হয়৷চৰকাৰী কাৰ্যসুচীত জনপ্ৰতিনিধিয়ে অংশগ্ৰহণ কৰি এইদৰে ভেকচিন নোলোৱা লোকক এইদৰে বুজনি দি ভেকচিন লোৱাৰ বাবে সৈমান কৰোৱা কাৰ্যই স্বাস্থ্যকৰ্মীসকলকো উৎসাহিত কৰি তুলিছে৷
বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই

Leave A Reply

Your email address will not be published.