মিৰ্জাৰ নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠানত আগতীয়াকৈ ভোগালী বিহু উদযাপন   

0 198

কামৰূপ জিলাৰ অন্তৰ্গত মিৰ্জাৰ শান্তিপুৰস্থিত নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠানে প্ৰতিষ্ঠাকালৰে পৰা সমাজত শৈক্ষিক অগ্ৰগতিৰ খতিয়ান দাঙি ধৰি আহিছে। শিক্ষাৰ্থী সকলৰ মাজত জাতীয় ঐতিহ্য চেতনা তথা ঐক্যৰ প্ৰতীক বিহুৰ প্ৰমূল্যৰ সৈতে চিনাকী কৰাই দিয়াৰ উদ্দেশ্যে কালি নাৰ্চিং শিক্ষাৰ অন্যতম এই শৈক্ষিক প্ৰতিষ্ঠানখনত প্ৰাক ভোগালী বিহু উদযাপন কৰে। সেই অনুসৰি উত্তৰ পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ ছাত্র-ছাত্রী সকলৰ উপস্থিতিত ভেলাঘৰ সজা, মেজি সজা, জাতীয় পোচাক পৰিধান কৰা তথা থলুৱা বিলুপ্ত প্ৰায় খেলৰ প্ৰতিকী প্ৰতিযোগিতা অনুষ্ঠিত কৰি এই খেল সমূহৰ সৈতে নতুন প্ৰজন্মৰ মাজত সজাগতা অনাৰ প্ৰয়াস কৰা দেখা যায়। মেজি প্ৰজ্জ্বলনৰ পূৰ্বে ইয়াৰ উদ্দেশ্য আৰু মহত্ব সম্পৰ্কে বক্তব্য আগবঢ়াই শৈক্ষিক প্ৰতিষ্ঠানখনৰ অধ্যক্ষ ড০ ভাৰ্গৱজ্যোতি চহৰীয়া, সহ: অধ্যাপিকা সুকীৰ্তি দাস আৰু নেমকেয়াৰ স্কুল এণ্ড কলেজ অফ নাৰ্চিঙৰ অধ্যক্ষা পাপৰি পাঠক চৌধুৰীয়ে। অধ্যক্ষ ড০ চহৰীয়াই নিজৰ বক্তব্যত কয় যে সম্প্ৰতি অসমীয়া ভাষা সাহিত্যৰ লগতে জাতীয় ঐতিহ্য বহন কৰা বিহুলৈও তীব্ৰ সংকট আহিছে। আমি বিহুক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ কথা কওঁ, কিন্তু নিজৰ দৰবাৰত এলাগী কৰোঁ। গতিকে , প্ৰথমে নিজৰ দৰবাৰত বিহুৰ ঐতিহ্য আৰু চেতনাক প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্য আগত ৰাখি আৰু ছাত্র ছাত্ৰী সকলক এই সম্বন্ধে জ্ঞান দিয়াৰ প্ৰয়াস কৰি প্ৰথমবাৰৰ বাবে এই প্ৰাক্  ভোগালী বিহু উদযাপনৰ চিন্তা কৰা হৈছে বুলি দোহাৰে। ইয়াৰ পিছত কণমানি স্নেহা সিঙে এটি সুন্দৰ বিহু নৃত্য প্ৰদৰ্শন কৰে। শিশু বিহু নৃত্য শিল্পী গৰাকীক শৈক্ষিক প্ৰতিষ্ঠান খনৰ অধ্যক্ষ ড০ ভাৰ্গৱজ্যোতি চহৰীয়াই এটি উপহাৰৰ টোপোলাৰে সম্বৰ্ধনা জনায়। এই অনুষ্ঠানৰ পিছতে শৈক্ষিক প্ৰতিষ্ঠানৰ শিক্ষক শিক্ষয়িত্ৰী সকলে কণী যুজঁ, মাল যুজঁ, কুকুৰা যুঁজ, উঠা বহা, তিনি ঠেঙীয়া যুজঁ, ৰছী টনা আদি প্ৰতিযোগিতাত প্ৰতীকাত্মক ভাৱে শিক্ষক শিক্ষয়িত্ৰী, ছাত্র ছাত্ৰী সকলে অৱতীৰ্ণ হয়। প্ৰতিযোগিতাৰ  পিচতে মেজি প্ৰজ্জ্বলন কাৰ্যসূচী ৰূপায়ণৰ পূৰ্বে মেজিৰ গুৰিত বন্তি প্ৰজ্বলন কৰে সহ অধ্যাপিকা সুকীৰ্তি দাসে । ইয়াৰ পিছত অধ্যক্ষ ড: ভাৰ্গৱজ্যোতি চহৰীয়া আৰু নেমকেয়াৰ স্কুল এণ্ড কলেজ অফ নাৰ্চিঙৰ অধ্যক্ষা পাপৰি পাঠক চৌধুৰীয়ে যুটীয়া ভাৱে মেজি প্ৰজ্বলন কৰে। শেষত মেজিৰ ওচৰতে সজা ভেলাঘৰত অসমীয়াৰ ভোগালী বিহুৰ জলপান চিৰা দৈ জুলীয়া মিঠাইৰ সৈতে সমূহীয়া ভাৱে গ্ৰহণ কৰে। স্বাভাৱিকতে নতুন প্ৰজন্মৰ মাজত শৈক্ষিক প্ৰতিষ্ঠানখনে অসমীয়াৰ বাপতি সাহোন বিহুৰ ঐক্য সম্প্ৰীতিৰ সৈতে চিনাকি কৰাই দিয়া এনে প্ৰচেষ্টা শলাগ যোগ্য বুলি সকলোৱে প্ৰশংসা কৰে। এই অনুষ্ঠানত অংশগ্ৰহণ কৰে নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠানৰ উপাধ্যক্ষ অপূৰ্ব তালুকদাৰ, এডমিন বিক্ৰমজিৎ কাশ্যপ , সমন্বয়ক ডা: উদীপ্ত বৰুৱা আদিয়ে।  এই সমগ্ৰ অনুষ্ঠানটি সুন্দৰ ভাৱে আঁত ধৰি পৰিচালনা কৰে শৈক্ষিক প্ৰতিষ্ঠানখনৰ সহ: অধ্যাপিকা দীপশিখা ভঁৰালীয়ে।
  

Leave A Reply

Your email address will not be published.