মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তিনিচুকীয়া জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন

0 156

মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাই আজি তিনিচুকীয়া জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰি হাস্পতালখনৰ চিকিৎসক তথা অন্যান্য বিষয়াসকলৰ পৰা ক’ভিড ৰোগীৰ চিকিৎসাৰ ব্যৱস্থাপনাৰ বিতং বুজ লয়। মুখ্যমন্ত্ৰীয়ে চিকিৎসালয়খনত বৰ্তমানৰ ক’ভিড ৰোগীৰ সংখ্যা, আই চি ইউ বিচনা,ঔষধ, অক্সিজেনৰ পৰ্যাপ্ততা ইত্যাদিৰ বিষয়েও বুজ লয়।
ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে তিনিচুকীয়া জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত কেন্দ্রীয় খাদ্য সংসাধন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী,চাহ জনজাতি কল্যাণ বিভাগৰ মন্ত্ৰী সঞ্জয় কিষাণ, বিধায়কসকল ক্ৰমে বলীন চেতিয়া, ভাস্কৰ শৰ্মা, সুৰেন ফুকন, তৰংগ গগৈ আৰু ৰূপেশ গোৱালাৰ উপস্থিতিত জিলা প্রশাসন তথা স্বাস্থ্য বিভাগৰ সৈতে এক বৈঠকত মিলিত হয়। উক্ত বৈঠকত তিনিচুকীয়া জিলাৰ উপায়ুক্ত আৰু স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালকে জিলাখনৰ সাম্প্ৰতিক ক’ভিড পৰিস্থিতি, স্বাস্থ্য বিভাগে গ্ৰহণ কৰা পদক্ষেপ, ক’ভিড ৰোগীৰ চিকিৎসাৰ বাবে যাৱতীয় অতিৰিক্ত ব্যৱস্থা ইত্যাদিৰ বিষয়ে মুখ্যমন্ত্ৰীক সবিশেষ অৱগত কৰে। মুখ্যমন্ত্ৰীয়ে জিলাখনত প্ৰতিদিনে অতি কমেও ৫০০ টা আৰ টি পি চি আৰ পৰীক্ষাসহ ন্যূনতম ২ হাজাৰ টা ক’ভিড পৰীক্ষা সম্পন্ন কৰাৰ নিশ্চিত পদক্ষেপ ল’বলৈ স্বাস্থ্য বিভাগক নিৰ্দেশ প্রদান
কৰে। জিলাখনত বিগত কিছুদিন ধৰি প্রতিদিনে ১৫০ ৰ পৰা ২০০ গৰাকী পৰ্যন্ত ক’ভিড ৰোগী চিনাক্ত হোৱাৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণৰ সুৰক্ষাৰ স্বাৰ্থত সান্ধ্য আইনৰ সময় দুঘন্টা আগুৱাই আনিবলৈও মুখ্যমন্ত্ৰীয়ে আজিৰ বৈঠকতে জিলা উপায়ুক্তক পৰামৰ্শ আগবঢ়ায়। জিলাখনত যাতে চিকিৎসাৰ বাবে পৰ্যাপ্ত পৰিমাণৰ অক্সিজেন উপলব্ধ কৰোৱাব পৰা যায় তাৰ বাবে তিনিচুকীয়া জিলা অসামৰিক চিকিৎসালয়ত শীঘ্ৰে এটা
অক্সিজেন জেনেৰেশ্যন প্লান্ট গঢ়ি তোলাৰ লগতে আই চি ইউ বিচনাৰ সংখ্যা তাৎক্ষণিকভাৱে বৃদ্ধি কৰাৰ
ব্যৱস্থা ল’বলৈও ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ সঞ্চালকক মুখ্যমন্ত্ৰীয়ে আজিৰ বৈঠকতে নিৰ্দেশ প্রদান কৰে।
ন্যুনতম ২ হাজাৰ টা ক’ভিড পৰীক্ষা সম্পন্ন কৰাৰ নিশ্চিত পদক্ষেপ ল’বলৈ স্বাস্থ্য বিভাগক নিৰ্দেশ প্রদান কৰে। জিলাখনত বিগত কিছুদিন ধৰি প্রতিদিনে ১৫০ ৰ পৰা ২০০ গৰাকী পৰ্যন্ত ক’ভিড ৰোগী চিনাক্ত হোৱাৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণৰ সুৰক্ষাৰ স্বাৰ্থত সান্ধ্য আইনৰ সময় দুঘন্টা আগুৱাই আনিবলৈও মুখ্যমন্ত্ৰীয়ে আজিৰ বৈঠকতে জিলা উপায়ুক্তক পৰামৰ্শ আগবঢ়ায় । জিলাখনত যাতে চিকিৎসাৰ বাবে পৰ্যাপ্ত পৰিমাণৰ অক্সিজেন উপলব্ধ কৰোৱাব পৰা যায় তাৰ বাবে তিনিচুকীয়া জিলা অসামৰিক চিকিৎসালয়ত শীঘ্ৰে এটা অক্সিজেন জেনেৰেশ্যন প্লান্ট গঢ়ি তোলাৰ লগতে আই চি ইউ বিচনাৰ সংখ্যা তাৎক্ষণিকভাৱে বৃদ্ধি কৰাৰ ব্যৱস্থা ল’বলৈও ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান,অসমৰ সঞ্চালকক মুখ্যমন্ত্ৰীয়ে আজিৰ বৈঠকতে নিৰ্দেশ প্রদান কৰে।

Leave A Reply

Your email address will not be published.