মৌ গাঁও প্ৰতিষ্ঠাৰ প্ৰয়াস

0 242

অসম কৃষি বিশ্ববিদ্যালয় অন্তৰ্গত কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ (শিমলুগুৰি) উদ্যোগত এক ব্যতিক্ৰমী চিন্তা ধাৰাৰে নগাঁও জিলাৰ বৰভেটি পঞ্চায়তৰ অন্তৰ্গত নিজ শিমলুগুৰি গাঁৱৰ সম্ভাৱনা গ্ৰাম্য সংগঠনৰ মহিলাসকলক চৈধ্যটা মৌ বাহ বিতৰণ কৰে। গ্ৰাম্য সংগঠনৰ ১৫ টা গোটৰ ১৫২ গৰাকী মহিলাৰ আয় বৃদ্ধিৰ সংকল্পৰে মৌ গাঁও প্ৰতিষ্ঠাৰ বাবে অনুষ্ঠিত অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ মুৰব্বী ডঃ নিৰঞ্জন ডেকাই।
মৌ পালনৰ দিহা পৰামৰ্শ আৰু ইয়াৰ প্ৰয়োজনীয়তা, লাভালাভৰ বিষয়েও তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰে। অনুষ্ঠানটিত সমল ব্যক্তি ৰূপে উপস্থিত থাকি লক্ষীমপুৰ জিলাৰ সান্দহখোৱাৰ বিশিষ্ট মৌ পালক নিতুল ভূঞা আৰু মহেশ্বৰ মহন্তই মৌ পালনৰ কাৰিকৰী কৌশল সমূহ বিষদ ভাৱে আলোকপাত কৰাৰ লগতে প্ৰশিক্ষণো প্ৰদান কৰে। সম্ভাৱনা গ্ৰাম্য সংগঠনৰ সম্পাদিকা হিতপ্ৰভা ডেকাই আঁত ধৰা শুভাৰম্ভ অনুষ্ঠানটিত কৃষি গৱেষণা কেন্দ্ৰ চিলঙনীৰ মুখ্য বিজ্ঞানী ড০ পুতুল চন্দ্ৰ শৰ্মা, অৱসৰপ্ৰাপ্ত শিক্ষক ভদ্ৰেশ্বৰ ডেকা, কাছমাৰী জিলা পৰিষদৰ সদস্যা কাঞ্চন পাটৰ বৰদলৈ, কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী ড০ অনিমেষ ডেকা, জুলী শৰ্মা, নয়ন জ্যোতি বৰদলৈ, ড০ চিংকি বৰ্মন, ড০ বন্তি গগৈ বৰভেটি গাঁও পঞ্চায়তৰ বহুকেইজন গন্য মান্য ব্যক্তি সহ শতাধিক ৰাইজ উপস্থিত আছিল।
খবৰ যুগুতালে নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলৈয়ে

Leave A Reply

Your email address will not be published.