মৰিগাঁও জিলাৰ ভুৰাগাঁও ভ্ৰমণ কৰি ২০ জুনত সংঘটিত ঘটনাৰ বুজ ল’লে মুখ্যমন্ত্ৰীয়ে

0 239

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি মৰিগাঁও জিলাৰ ভুৰাগাঁও ভ্ৰমণ কৰি যোৱা ২০ জুনত ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ এগৰাকী নাবালিকাক আতিশর্য্য চলাই হত্যা কৰা ঘটনাৰ তদন্তৰ অগ্ৰগতিৰ বুজ লয়।মুখ্যমন্ত্ৰীয়ে মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজনক এই ঘটনাৰ লগত জড়িত সকলক তৎকালে কৰায়ত্ত কৰাৰ লগতে দোষীক আইন দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ বাবে যথোচিত পদক্ষেপ ল’বলৈ নিৰ্দেশ দিয়ে।
মুখ্যমন্ত্ৰীয়ে দুৰ্ভগীয়া নাবালিকা গৰাকী পিতৃ মাতৃৰ সৈতে বাৰ্তালাপ কৰে আৰু তেওঁলোকলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।এই ঘটনাত জড়িত সকলক কোনোপধ্যেই সাৰি যাবলৈ দিয়া নহ’ব বুলি তেওঁ পৰিয়ালটোক আশ্বাস প্ৰদান কৰে।প্ৰতিটো জীৱনেই অমূল্য বুলি মন্তব্য কৰি তেওঁ কয় যে এই ধৰণৰ জঘন্য ঘটনা যাতে ভৱিষ্যতে পুনৰাবৃত্তি হ’ব নোৱাৰে,সেয়ে সুনিশ্চিত কৰিবই লাগিব।মুখ্যমন্ত্ৰীয়ে আৰক্ষী অধীক্ষক গৰাকীক এই গোচৰটো এনেধৰণে মোকাবিলা কৰিবলৈ নিৰ্দেশ দিয়ে,যাতে মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধ ৰোধত ই এক উল্লেখযোগ্য উদাহৰণ হিচাপে পৰিগণিত হয়।আজি এই ভ্ৰমণ কালত সাংসদ দিলীপ শইকীয়া,মৰিগাঁও বিধায়ক ৰমাকান্ত দেউৰী,লাহৰীঘাট সমষ্টিৰ বিধায়ক ড° আচিফ মহম্মদ নাজৰ,আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত আৰু জিলাখনৰ আৰক্ষী তথা অসামৰিক প্ৰশাসনৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.