সামৰণি পৰিল তৃতীয় ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱৰ

0 228

ব্যাপক উৎসাহ উদ্দীপনাৰে আৰম্ভ হোৱা তৃতীয় ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱৰ কালি  সফল সামৰণি পৰে।অসম প্ৰকাশন পৰিষদে অনুষ্ঠিত কৰা এই সাহিত্য উৎসৱত বহুতো দেশী বিদেশী লেখকে অংশগ্ৰহণ কৰে।  আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰখ্যাত লেখিকা এন মৰ্গানৰ সঞ্চালনাত অনুষ্ঠিত সৃষ্টিশীল লেখাৰ বাবে বাস্তৱ জগতৰ গৱেষণা শীৰ্ষক আলোচনা চক্ৰত অংশগ্ৰহণ কৰে শ্ৰীলংকা, মালয়েছিয়া লাভিয়ান আৰু অসমৰ বহুকেইগৰাকী লেখকে।দেশ বিদেশৰ বহুকেইগৰাকী লেখকে অসমৰ লেখকসকলৰ লগত মত বিনিময় কৰি অসমৰ সাহিত্য সংস্কৃতিৰ এখন প্ৰতিছবি কঢ়িয়াই নিয়ে। তৃতীয় ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱৰ কাৰ্য্যসূচী সফল ৰূপায়ণ কৰা সকলোকে অসম প্ৰকাশন পৰিষদৰ প্ৰমোদ কলিতাই এক বিবৃতি যোগে ধন্যবাদ জ্ঞাপন কৰে ।

Leave A Reply

Your email address will not be published.