৩জুন পৰ্যন্ত ৰাজ্যত বৰষুণ হোৱাৰ সম্ভাৱনা

0 239

এতিয়াৰ পৰা কেই ঘণ্টামান আগতে উৎকট গৰমে দহিছিল সমগ্ৰ ৰাজ্য।কিন্তু পুৱাৰ পৰা ৰাজ্যৰ বিভিন্ন ঠাইবিশেষে কিনকিনীয়া বৰষুণ দিছে।এই সময়তে কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যবাসীৰ বাবে দিছে এক আশাৰ খবৰ। ৩১ মে’ৰ পৰা ৩ জুনলৈ ৰাজ্য খনত হ’ব বৰষুণ।
বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া তথ্য অনুসৰি ৩১ মে’ৰ দিনা অসম আৰু মেঘালয়ৰ বহু অঞ্চলত ধাৰাসাৰ বৰষুণ হ’ব।কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি উক্ত দিন কেইটাত অসমকে ধৰি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত বৰষুণ হ’ব।বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে এই দিন কেইটাত বৰষুণৰ লগতে বতাহেও কোবাই যাব অসম তথা উত্তৰ পূবক।আনহাতে ১,২ আৰু ৩ জুনতো অসমৰ উপৰি নাগালেণ্ড.মণিপুৰ,মেঘালয় আৰু ছিকিমতো বিজুলী গাজনিৰে ধাৰাসাৰ বৰষুণ হ’ব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে।

Leave A Reply

Your email address will not be published.