৮০ দশকতে অসমত মহিলা সংগীতৰ দল কিদৰে প্ৰতিষ্ঠা হৈছিল

0 222

অসমৰ প্ৰথমটো মহিলা সংগীতৰ দল কেতিয়া গঠন হৈছিল জানানে?ইয়াৰ উত্তৰ হ’ব ১৯৭৯ চনত।এই দলটোক নেতৃত্ব দিছিল অঞ্জলি মহন্তই।তেখেতক সহযোগ কৰিছিল আৰতী মহন্ত,শেৱালি লেখাৰু, কবিতা নাথ আৰু নাজমা আহমেদে।
৮০ দশকতে নগাঁৱৰ বিভিন্ন অনুষ্ঠানত সংগীত পৰিবেশন কৰিবলৈ সক্ষম হোৱা এই দলটোৰ নাম আছিল সুৰ সমলয়।ৰক্ষণশীল সমাজৰ পৰিধি ভাঙি এই ৫ গৰাকী অসমীয়া মহিলাই বাদ্যযন্ত্ৰ বজাই অনুষ্ঠান পৰিবেশন কৰিছিল।কোনোৱে তেওঁলোকক ইতিকিং কৰিছিল কোনোৱে উৎসাহ যোগাইছিল ।পিছে নাজমা আহমেদে ধৰ্মৰ বিৰুদ্ধে কাম কৰা বাবে সেই সময়ত মৌলবী সকলৰ পৰা কটু বাক্য শুনিছিল। প্ৰসংগ ক্ৰমে উল্লেখযোগ্য যে নাজমা আহমেদে উল্লেখ কৰা মতে সেই সময়ত মুছলমান মহিলাই গান গোৱা বা নৃত্য কৰাটো এক প্ৰকাৰৰ পাপ কৰ্ম আছিল।
সুৰ সমলয়ে অসম আন্দোলনতো বিশেষ ভূমিকা গ্রহণ কৰিছিল।বিশেষকৈ গান আৰু বাদ্যযন্ত্ৰ সংগীতৰ জৰিয়তে তেওঁলোকে জনসাধাৰণৰক জাগ্ৰত কৰিছিল এই মন্তব্য অঞ্জলি মহন্তৰ।তেখেতে লগতে জনায় যে বিভিন্ন কাৰণ বশত: আমাৰ দলটো ভাগি গৈছিল যদিও আমি পুনৰ মিলিত হৈছো।অনুষ্ঠান কৰিছো।
এই সঁচা কাহিনী আলমতে পাৰ্থজিত বৰুৱাই নিৰ্মাণ কৰিছে ব্লেংকিং দ্য চাইলেন্স শীৰ্ষক এখন তথ্যচিত্ৰ। ৩০ মিনিট দৈৰ্ঘ্য এই তথ্যচিত্ৰখনৰ জৰিয়তে দেখুওৱা হৈছে কিদৰে দৃঢ় বিশ্বাস আৰু সংগ্ৰামৰ মাজেৰে বিভিন্ন সাংগীতিক বাদ্যযন্ত্ৰৰ জৰিয়তে নিজৰ কণ্ঠক প্ৰতিষ্ঠা কৰিছে।সুৰ সমলয়ৰ এই যাত্ৰা অব্যাহত থাকক আমি জনালো অলেখ শুভকামনা।

Leave A Reply

Your email address will not be published.