ৰাণীত উৎসৱমুখৰ পৰিবেশ

0 230

প্ৰায়েই আন্তৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত সাম্প্ৰতিক সময়ত অসমৰ প্ৰতিভাৱান খেলুৱৈ সাফল্য বুটলিবলৈ সক্ষম হৈছে । এইবাৰ একাদশ ৰাষ্ট্ৰীয় থাই বক্সিঙত অসমৰ খেলুৱৈ সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে । হায়দৰাবাদৰ তেলেংগানাৰ গাচিবাউলী ষ্টেডিয়ামত যোৱা ২ আগষ্টৰ পৰা ৪ আগষ্টলৈ তিনিদিয়াকৈ অনুষ্ঠিত হৈছিল একাদশ ৰাষ্ট্ৰীয় থাই বক্সিঙ প্ৰতিযোগিতাখনি যত দেশৰ ২৪ ৰাজ্যৰ ৮৬৪ গৰাকী প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰিছিল । অসমৰো গুদালগুৰি , শিৱসাগৰ আৰু কামৰূপ জিলাৰ পৰা বহু কেইগৰাকী প্ৰতিভাৱান প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল । অসমৰ পৰা যোৱা দলটোৰ প্ৰায় সংখ্যক খেলুৱৈ কামৰূপ ( গ্ৰাম্য) জিলাৰ ৰাণী স্থিত ৰাণী কোচিং চেণ্টাৰত প্ৰশিক্ষণৰত আছিল । কঠোৰ প্ৰতিযোগিতামুলক বহু কেইটা শিতানত অৱশেষত অসমৰ খেলুৱৈ সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে । বিশেষকৈ ৫০-৫৫ কেজিত অনিমা নাৰ্জাৰীয়ে সোনৰ পদক , ৫০-৫৫ কেজিত মৃনাল কান্তী বড়োয়ে সোনৰ পদক , ৬০-৬৫ কেজিত উৎপল চাংমাই ব্ৰঞ্জ , ৫০-৫৫ কেজিত ৰাজা বৰুৱা ব্ৰঞ্জ, ৫০-৫৫ কৰিনা পাটোৱাৰী ব্ৰঞ্জ, ৪৫-৫০ কেজিত নিজৰা বড়োৱে ব্ৰঞ্জ , ৫৫-৬০ কেজিত পিতাম্বৰ নৰহে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয় । আনফালে চিনিয়ৰ শাখাত ৫৫-৬০কেজিত মিলন বড়োৱে সোনৰ পদক , ৩৫-৪০ কেজিত মঞ্জু ৰাভা সোনৰ পদক , ৫০-৫৫ কেজিত দিপা ৰংপিয়ে সোনৰ পদক , জুনিয়ৰ শাখাত ৪৫-৫০ কেজিত লক্ষ্য ৰাভাই সোনৰ পদক , ৫০-৫৫ কেজিত বন্দনা বড়ো ই সোনৰ পদক , ৩০-৩৫ কেজিত ৰূপালী বড়োৱে সোনৰ পদক , চাৱ জুনিয়ৰ ৩৫-৪০ কেজিত লখিমা বড়োৱে সোনৰ পদক , জুনিয়ৰ ৫০-৫৫ কেজিত অমৰদ্বিপ বৰুৱাই ৰূপৰ , আৰু ৪৫-৫০ কেজিত বন্দনা দাস্ৰ ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয় লগতে অসমৰ দলটোৱে “বেষ্ট ডিচিপ্লিন বটা ” লাভ কৰিবলৈ সক্ষম হয় । উল্লেখ্য যে ৰাণী কোচিং চেণ্টাৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰতিভাৱান খেলুৱৈয়ে প্ৰশিক্ষণ লৈ ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত সাফল্য বুটুলিবলৈ সক্ষম হৈছে । বৰ্তমান থাই বক্সিঙত সোণৰ পদ অৰ্জন কৰা হেতুকে বৃহত্তৰ ৰাণী অঞ্চলত উৎসৱমুখৰ পৰিবেশে বিৰাজ কৰিছে ।

Leave A Reply

Your email address will not be published.