ৰাণীত চি আৰ পি এফৰ সজাগতা মূলক কাৰ্যসূচী-ছাত্ৰ-ছাত্ৰীৰ মাজত খেলৰ সামগ্ৰী বিতৰণ

0 230

১৭৫ বাহিনী কেন্দ্ৰীয় ৰিজাৰ্ভ পুলিচ বল ৰাণী চি আৰ পি এফ ১৭৫ দ্বাৰা কমাণ্ডেণ্ট সুভাষ চন্দ্ৰ শৰ্মাৰ নেতৃত্বত ১০ জানুৱাৰীত তাঁতীবামা আঞ্চলিক হাইস্কুল প্ৰাংগনত নাগৰিক সজাগতা কাৰ্যক্ৰমৰ ভিত্তিত স্কুলৰ ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ্থে চাইকেল ষ্টেণ্ড বিতৰণ কৰাৰ লগতে খেলৰ সামগ্ৰী বিতৰণ কৰে। উক্ত কার্যসূচীত তাঁতিবামা আঞ্চলিক হাইস্কুলৰ প্ৰধান শিক্ষক হিতেশ দাস, পৰিচালনা সমিতিৰ সভাপতি কলিতা সভাপতি আৰু স্কুলৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী লগতে ছাত্র ছাত্ৰী উপস্থিত থাকে। উল্লেখ্য যে, যোৱা ৭ জানুৱাৰীত নাগৰিক সজাগতা কার্যক্ৰমৰ ভিত্তিত মৈৰাপুৰ গ্ৰাণ্ট এল পি স্কুল প্ৰাংগনত চি আৰ পিৰ কামাণ্ডেণ্ট সুভাষ শৰ্মাৰ নেতৃত্বত শৌচালয় পানীৰ ব্যৱস্থাৰ শুভাৰম্ভ কৰাৰ লগতে খেল সামগ্ৰী বিতৰণ কৰে। উক্ত কাৰ্যসূচীত স্কুলৰ প্ৰধান শিক্ষক হেলয়ছ মাৰক লগতে পৰিচালনা সমিতিৰ বিষয়ববীয়া আৰু ছাত্র- ছাত্ৰীসকল উপস্থিত থাকে।
বাতৰি যুগুতালে জিতুমণি দাসে

Leave A Reply

Your email address will not be published.