ৰামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী-  প্ৰাক্তন ছাত্র-ছাত্ৰী সতীৰ্থ সন্মিলন, সাংবাদিকৰ সৈতে প্ৰীতি ফুটবল খেল  

0 221

ঐতিহ্যপূৰ্ণ বৃহত্তৰ ৰামপুৰ অঞ্চলৰ মাধ্যমিক শিক্ষাৰ স্নায়ুকেন্দ্ৰ স্বৰূপ ৰামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৭৫ বছৰ পূৰ্ণ হোৱা উপলক্ষে মহাৰজত জয়ন্তী’ বৰ্ষ হিচাবে যোৱা ২৪ এপ্ৰিলৰ পৰা আৰম্ভ হৈ আগত ২০২২ চনৰ ২২, ২৩ আৰু ২৪ এপ্ৰিলত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সামৰণি অনুষ্ঠান অনুষ্ঠিত হ’ব। মহাৰজত জয়ন্তী বৰ্ষৰ শুভাৰম্ভণী কাৰ্যসূচী ৭৫ খন পতাকা উত্তোলন কৰি সুচাৰুৰূপে অনুষ্ঠিত হৈ যোৱাৰ পাছত ইতিমধ্যে বিভিন্ন কাৰ্যসূচী ৰূপায়ণৰ প্ৰস্তুতি ব্যাপক কৰি তুলিছে বুলি জানিবলৈ দিয়ে  উদযাপন সমিতিৰ সভাপতি ড০ অৱনী কুমাৰ দাস আৰু মুখ্য সম্পাদক অঞ্জু ভট্টাচাৰ্যই। মহাৰজত জয়ন্তীৰ লগত সংগতি ৰাখি আজি দিনযোৰা কাৰ্যসূচীৰ বিদ্যালয় প্ৰাক্তন ছাত্ৰ- ছাত্ৰী সকলৰ এখন সতীৰ্থ সন্মিলন অনুষ্ঠিত হয়। সতীৰ্থ সন্মিলনৰ কাৰ্যসূচী অনুসৰি পুৱাৰে পৰা সামূহিক দৌৰ, পতাকা উত্তোলন, স্মৃতি তৰ্পণ, শ্বহীদ তৰ্পণ, বৃক্ষৰোপণ আৰু মূল কাৰ্যসূচী প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ মহামিলনৰ অনুষ্ঠান সতীৰ্থ সন্মীলন অনুষ্ঠিত হয়। বৰ্ষযোৰা বিভিন্ন কাৰ্যসূচীৰ অংশ হিচাপে মহাৰজত অনুষ্ঠানটো জনপ্ৰিয় তথা গণমুখী কৰাৰ মহৎ উদ্দেশ্যে আগত ৰাখি আবেলি বিদ্যালয়ৰ খেল পথাৰত বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ আৰু দক্ষিণ কামৰূপৰ ছপা আৰু বৈদ্যুতিন মাধ্যমৰ সাংবাদিক আৰু সংবাদকৰ্মীসকলৰ মাজত এখন প্ৰীতি ফুটবল খেল অনুষ্ঠিত হয়। উত্তেজনাপূৰ্ণ খেলখনত দক্ষিণ কামৰূপ সাংবাদিকৰ দলে প্ৰথমাৰ্ধত এক গল দি আগবাঢ়ি থাকে দ্বিতীয়াৰ্ধত বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সন্মীলনীয়ে এক গল দি সমতা স্থাপন কৰে। উক্ত প্ৰীতি ফুটবল খেলখনৰ বিষয় বস্তু আছিল আহক আমি পুনৰ চৰকাৰী বিদ্যালয়লৈ উভতি যাও। খেলখনৰ জড়িয়তে গ্ৰাম্যঞ্চলৰ ছাত্ৰ-ছাত্ৰী, অভিভাৱক-অভিভাৱিকা সকলক চৰকাৰী বিদ্যালয়ৰ প্ৰতি আকৰ্ষণ কৰাৰ মহৎ উদ্দেশ্যেৰে উক্ত প্ৰীতিখেল খন আয়োজন কৰা হৈছে বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে। ইয়াৰে পিছত সন্ধিয়া ৫ বজাত বন্তি প্ৰজ্বলন আৰু সাংস্কৃতিক অনুষ্ঠানৰে দিনযোৰা কাৰ্যসূচীৰ অন্ত পৰিব।

Leave A Reply

Your email address will not be published.