ভাৰত চীনৰ সীমান্ত লাডাখত যুদ্ধৰ দাৱানল

0 254

সীমান্তত উত্তেজনা। প্ৰসংগ ভাৰত চীন যুদ্ধ। ভাৰত চীনৰ সীমান্ত লাডাখত যুদ্ধৰ দাৱানল। ক’ৰণা ভাইৰাছৰ বাবে সমগ্ৰ দেশে চীনক জগৰীয়া কৰিছে। শত্ৰু ৰাষ্ট্ৰ চীনে চল চাতুৰিৰে ভাৰত সীমান্তৰ ফালে অগ্ৰসৰ হওতেই ভাৰতীয় সেনাৰ হাতত নিহত হৈছে ৪৩জনকৈ চীনা সৈন্যৰ। অৱশ্যে চীনা চৰকাৰে এই সম্পৰ্কত আনুষ্ঠানিকভাৱে কোনোধৰণৰ ঘোষণা কৰা নাই। 
 
যোৱা সোমবাৰে চীনা সৈন্যই অৰ্তকিতে ভাৰতীয় সৈন্যৰ ওপৰত ৰদ আৰু শিলেৰে আক্ৰমণ কৰে। এই আক্ৰমণত ২০জন ভাৰতীয় সৈন্যই দেশৰ হকে প্ৰাণত্যাগ কৰে। দেশৰ হকে প্ৰাণত্যাগ কৰা এই বীৰ শ্বহীদসকলৰ মৃত্যুৰ বাতৰিয়ে এতিয়া ব্যথিত কৰি তুলিছে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰালয়কো। দেশৰ প্ৰধানমন্ত্ৰীয়ে আজি দেশবাসীক উদ্দেশ্যি কয়- এয়া এক বেদনাদায়ক খবৰ। সেনাৰ এই ত্যাগক সমগ্ৰ দেশবাসীয়ে সোঁৱৰণ কৰিব। দেশৰ অখণ্ডতা আৰু সাৰ্বভৌমত্ব ৰক্ষা কৰিবলৈ আমি প্ৰতিশ্ৰুতিৱদ্ধ। আজি চীন ভাৰতৰ বিষয় সন্দৰ্ভত আলোচনা কৰাবলৈ প্ৰধানমন্ত্ৰীয়ে এখন বৈঠকৰ আহ্বান কৰে। আনহাতে অহা ১৯জুনতো প্ৰধানমন্ত্ৰীয়ে এখন সৰ্বদলীয় বৈঠকৰো আহ্বান কৰিছে। সমগ্ৰ দেশজুৰি চীনৰ সামগ্ৰী সমূহ বয়কট কৰাৰ কাৰণে দেশবাসীয়ে প্ৰতিবাদ কৰা দেখা গৈছে।

Leave A Reply

Your email address will not be published.