অভিশপ্ত ৩০অক্টোবৰৰ নিহত সকলক সুঁৱৰি অনুষ্ঠিত হ’ল শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

0 657

আজি ৩০ অক্টোবৰ। আজি দিনটোতে ধাৰাবাহিক বোমা বিস্ফোৰণত কপি উঠিছিল অসমৰ বিভিন্ন প্ৰান্ত। বহু নিৰিহ লোকে এই ধাৰাবাহিক বোমা বিস্ফোৰণত প্ৰান হেৰুৱালে। চিৰদিনৰ বাবে ঘুনীয়া হ’ল বহু জন।
 
 
এই অভিশপ্ত ৩০ অক্টোবৰ নিহত সকলক সুঁৱৰি আজি গণেশগুৰিত অনুষ্ঠিত হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। উল্লেখযোগ্য যে প্ৰতিবছৰে নিহত সকলক সুঁৱৰি শ্ৰদ্ধাঞ্জলিৰ অনুষ্ঠান অনুষ্ঠিত হৈ আহিছে ।এইবাৰ অনুষ্ঠানত নিহত সকলৰ আত্মীয় উপস্থিত থাকে।
 
এই অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই এনেদৰে কয় । আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সৰ্বধর্মীয় প্ৰাৰ্থনা সভাৰ লগতে বিভিন্নজনে বক্তব্য ৰাখে। আজি অনুষ্ঠানত উপস্থিত থাকে বিধায়ক অতুল বৰা, মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, কামৰূপ জিলা উপায়ুক্ত বিশ্বজিৎ পেগু, মেডিয়া উপদেষ্টা হৃষীকেশ গোস্বামীকে আদি কৰি বহু কেইজন বিশিষ্ট ব্যক্তি।

Leave A Reply

Your email address will not be published.