আদিবিম্বই সমন্বয় গঢ়িছে

3 253

3

ফটো কেইখন মন কৰিব! কি দৰে জনজাতিৰ মাজত সমন্বয় সাধন কৰিব প্ৰয়াস কৰা হৈছে। হয়, আপোনাক আমি আদিবিম্বৰ কথা জনাব বিচাৰিছো। প্ৰিয় পাঠক, আদিবিম্বই কেৱল প্ৰতীকীৰূপেই নহয়, কামেৰে সেই স্বাক্ষৰ দাঙি ধৰিবলৈ সক্ষম হৈছে। আজি দ্বিতীয় দিনা তিনিচুকীয়াৰ গতং গাৱঁৰ “আদিবিম্ব মহোৎসৱত” উপস্থিত থাকি এই দৃশ্য পৰিলক্ষিত হ’ল। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ উদ্যোগত জনজাতি সকলৰ সমন্বয় তথা একতা উদ্দেশ্যেৰে পোনপ্ৰথমবাৰৰ বাবে অসমত আদিবিম্ম অনুষ্ঠিত হয়। আজি দ্বিতীয় দিনাৰ অনুষ্ঠানৰ লগত সংগতি ৰাখি ভাৰতীয় জনজাতি সকলৰ কলা আৰু সংস্কৃতি শীৰ্ষক এক আলোচনা চক্ৰ খনত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ ৰতন থিয়ামে মন্তব্য কৰে যে বিশ্বায়ন তথা প্ৰযুক্তিবিদ্যাৰ প্ৰভাৱত অতীতৰ কৃষ্টি লোপ পাবলৈ আৰম্ভ হৈছে। সেয়েহে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ এনে ধৰণৰ মহোৎসৱৰ যোগেদি সমন্বয় ঘটোৱাৰ প্ৰয়াস কৰিছে। আলোচনা চক্ৰ খনত কলিকতাৰ সুন্দৰবনৰ জনজাতি সকলৰ পৰম্পৰা সম্পৰ্কে পাপিয়া ৰয়ে বক্তব্য আগবঢ়ায়। আনহাতে বিহু বিশেষজ্ঞ ড অনিল শইকীয়াই বিহু আৰু বিহুনাচৰ ভংগীমাৰ সম্পৰ্কে মন্তব্য কৰাৰ লগতে, সাবন্তী চৌধুৰীয়ে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ পদক্ষেপৰ সম্পৰ্কত, লোকশিল্পী ৰাম চাচনীয়ে চাহজনজাতিৰ অতীতৰ সম্পৰ্কত আলোকপাত কৰে।

7

6

আনহাতে আজি বিয়লিৰ পৰা বৰ্ণিল কাৰ্য্যসুচীৰে নাটক, গীত নৃত্য প্ৰদৰ্শিত হয়। উত্তৰ পূৰ্বাঞ্চলৰ লগতে ঝাৰখণ্ড, পশ্চিমবংগৰ নৃত্য প্ৰদৰ্শিত হয়। স্মতৰ্ব্য যে কালিলৈ আদিবিম্বৰ অনুষ্ঠান সামৰণি পৰিব বুলি আদিবিম্বৰ সমন্বয়ক দয়াল কৃষ্ঞ নাথে জানিবলৈ দিছে।

5

1

2

3 Comments
  1. Pankaj Baishya. says

    এক সুন্দৰ নিদৰ্শনীয় প্ৰয়াস ও পদক্ষেপ।সচাৰ্থত প্ৰশ‌ংসনীয়।

  2. Priyanku Boruah says

    সুন্দৰ ৷

  3. Sangeetasaikia says

    duyoke dhonyabad janaisu..

Leave A Reply

Your email address will not be published.