বিশ্ব ধৰিত্ৰী দিৱসৰ কিছু প্ৰাসংগিক চিন্তাৰে

0 714

আজি বিশ্ব ধৰিত্ৰী দিৱস।বিশ্বৰ ১৯৩ খন দেশে এই দিৱস ১৯৭০চনৰ পৰা পালন কৰি আহিছে ।এই দিৱসৰ পালনৰ উদ্দেশ্য হৈছে পৃথিৱীত উপলব্ধ প্ৰতিটো উপাদানৰ সম্পৰ্কে গুৰুত্ব দিয়া, সজাগতা সৃষ্টি কৰা।এইবাৰৰ ধৰিত্ৰী দিৱসৰ থিম হ’ল প্লাষ্টিক প্ৰদূষণ ৰোধ কৰা।জনস্বাস্থ্য আৰু পক্ষীকূলক সুৰক্ষা প্ৰদান কৰা।প্লাষ্টিক জাত সামগ্ৰীৰ প্ৰচলন বন্ধ হ’লেহে প্লাষ্টিক প্ৰদূষণ ৰোধ কৰিব পৰা যাব ।এতিয়া আহো পৰিবেশ আৰু পৰিস্থিতিতন্ত্ৰৰ কিছু উপাদানলৈ।পৃথিৱীত বৃদ্ধি পোৱা গ্ল’বেল ৱাৰ্মিংৰ মূল কাৰণ হ’ল বায়ুত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি হোৱা।ইয়াৰ প্ৰধান কাৰণসমূহৰ ভিতৰত বিমান চলাচল আৰু বনাঞ্চল ধবংস কৰা কাৰ্য্য অন্যতম ।যাৰ ফলত তাপমান বৃদ্ধি, হিম প্ৰৱাহ বৃদ্ধি,সমুদ্ৰৰ জলস্তৰ বৃদ্ধি,বায়ুমণ্ডল প্ৰদূষণ বৃদ্ধি পাইছে ।বতৰৰ এনে ভাৰসাম্যহীনতা বাবে ২০৪৮লৈ পৃথিৱীখন পৃথিৱী হিচাপে বৰ্তি থাকিব নে সেই সম্পৰ্কে বিজ্ঞানীসকল শংকিত হৈ পৰিছে ।পূৰ্বৰ তুলনাত পৃথিৱীৰ পৰা ৮গুণ হাৰত কীট পতংগ লুপ্ত হৈছে ।ই পৰিস্থিতিতন্ত্ৰৰ উদ্বেগজনক খবৰ হিচাপে বিবেচিত হৈছে ।কিয়নো পৰিস্থিতিতন্ত্ৰৰ খাদ্য শৃংখল সুচাৰুৰূপে পৰিচালনা হ’বলৈ হ’লে সকলো জীৱৰে উপস্থিতি আৱশ্যকতা আছে।বায়ুপ্ৰদূষণৰ ফলশ্ৰুতিত বছৰি বিশ্বৰ ২৪লাখ লোকে প্ৰাণ হেৰুৱায় ।আনহাতে ইয়াৰ উপৰিও মৎস্য কূলৰ পৰাও বহু মাছ বিলুপ্ত ঘটিছে।গছ গছনি ধ্বংস যজ্ঞ অব্যাহত আছে ।জীৱ শ্ৰেষ্ঠই সকলো কথা জানিও নিজৰ বিপদ নিজেই মাতি আনিছে।আমি বিচাৰো এখন সুন্দৰ সেউজীয়া পৃথিৱী য’ত সকলোৱে সুস্থভাৱে জীৱন যাপন কৰিব পাৰে।

Leave A Reply

Your email address will not be published.