বিশ্ব পৰিবেশ দিৱস বিশেষ – তেওঁলোকো আমাৰ পৃথিৱীৰে বাসিন্দা

0 386

এটা সুন্দৰ পৰিবেশতহে জীৱকূল বৰ্তি থাকিব পাৰে।প্ৰাকৃতিক পৰিবেশ ৰক্ষা কৰাটো আমাৰ প্ৰত্যেকৰে দায়িত্ব তথা কৰ্তব্য। তেহে উত্তৰ প্ৰজন্ম শান্তিৰে থাকিব পাৰিব।

আজি বিশ্ব পৰিবেশ দিৱস। বিশ্ব পৰিবেশ দিৱসৰ এই শুভক্ষণত আপোনালোক সকলোলৈ পৰিবেশ দিৱসৰ শুভেচ্ছা জনালো। আমি যুগুত কৰিছিলো দীৰ্ঘদিন পৰিবেশ ৰক্ষাৰ হকে কাম কৰি অহা পৰিবেশ কৰ্মীৰ মন্তব্য। তেওঁলোক হ’ল ক্ৰমে, যাদৱ পায়েং, বকুল গগৈ আৰু ভূপেন দাস। আহকচোন এই বিশেষ দিনটোত তেওঁলোকে নো কি কয়!

অৰণ্য মানৱ খ্যাত যাদৱ পায়েং কোন আৰু তেওঁ কিয় বিখ্যাত সেই সম্পৰ্কত সকলোৰে জ্ঞাত। তেখেতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত যাদৱ পায়েঙে কয়, আমাৰ অসমৰ প্ৰাকৃতিক পৰিবেশ খুব সুন্দৰ। সেয়ে বছৰি বিভিন্ন পৰ্যটক অসমলৈ আগমন ঘটে। অসমৰ সেউজীয়াবোৰ চিৰদিন বৰ্তাই ৰাখিবলৈ গছ পুলি ৰোপন কৰাটো অতি জৰুৰী। মই ভাবো চহৰ অঞ্চলৰ ছাত্ৰ-ছাত্ৰী সকলে শিক্ষামূলক ভ্ৰমণত গৈয়ো গছ পুলি ৰোপনৰ দৰে কাৰ্য্যসূচীৰ অংশীদাৰ হ’ব পাৰে। মই অত্যন্ত সুখী যে, পূৰ্বৰ তুলনাত মানুহৰ সজাগতা যথেষ্ট বৃদ্ধি পাইছে।

আন এগৰাকী পৰিবেশ সুৰক্ষা কৰ্মী হ’ল বকুল গগৈ। গহপুৰৰ বকুল গগৈয়ে ২৫ বছৰ ধৰি গছ পুলি ৰোপনৰ লগত জড়িত হৈ আছে। উল্লেখযোগ্য যে, বকুল গগৈয়ে বৰ্তমানলৈ ১০ লাখতকৈ অধিক গছপুলি ৰোপন কৰিছে। ইয়াৰ উপৰিও উৎসৱত গছ পুলি দিয়াতো একপ্ৰকাৰ অভ্যাসত পৰিণত কৰি লৈছে। ইয়াৰ উপৰিও তেওঁ বিয়া, জন্ম দিনত গছ পুলি উপহাৰ হিচাপে আগবঢ়ায়। গছ বিহুৰ প্ৰাসংগিকতা ন ধাৰণাৰে সৃষ্টি কৰি নৱ প্ৰজন্মক আৰ্দশ দেখুৱাইছে।

ইফালে নামনি অসমৰ নলবাৰীৰ ভূপেন দাসে প্ৰকৃতিপ্ৰেমৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে। অষ্টম শ্ৰেণীত পঢ়ি থকা সময়ৰে পৰা প্ৰকৃতিৰ প্ৰতি আকৃষ্ট হৈ বৃক্ষ সংৰক্ষণৰ লগত জড়িত হৈ পৰে। জানি সুখী হ’ব যে, পেছাত এগৰাকী শিক্ষক ভূপেন দাসে নিজৰ দৰমহাৰে মানুহ নিয়োজিত কৰাৰ লগতে নিজেও গছ পুলি ৰোপনৰ কামত জড়িত হৈ আছে। জানিব পৰা মতে, তেখেতে বন্ধৰ সময়বিলাকত প্ৰতিদিনে ৫ জোপাকৈ গছ পুলি ৰোপন কৰি আহিছে। তেখেতে ৰোপন কৰা গছ নলবাৰী, বৰপেটা, হাউলিত আছে। এক আছুতীয়া সাক্ষাৎকাৰত তেখেতে Nefocus.comক জনায় যে, নলবাৰীৰ যুৱ প্ৰজন্মৰ মাজত গছ পুলি ৰোপনৰ সজাগতা বৃদ্ধি পাইছে। যাৰ বাবে একাংশ প্ৰজন্মই ব্যৱসায়িক ভিত্তিত বৃক্ষ প্ৰতিপালন তথা ৰোপনৰ কামত ব্ৰতী হৈ আছে।

এয়া আছিল বিশ্ব পৰিবেশ দিৱসৰ উপলক্ষে সমসাময়িক‌ শিতানত আগবঢ়োৱা‌ এক লেখা। এই লেখাটোৰ জৰিয়তে এক ক্ষুদ্ৰ প্ৰয়াস কৰা হৈছে অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰকৃতি প্ৰেমীৰ মনৰ কথা পাঠকৰ আগত দাঙি ধৰাৰ বাবে। আশা কৰিছো এনেধৰণৰ যোগাত্মক খবৰে যাতে সমাজক নতুন দিশে গতি কৰায়।

বিশেষ কৃতজ্ঞতা যোৰহাটৰ দিগন্ত বুঢ়াগোহাঁই, নলবাৰীৰ কৈলাস ডেকা আৰু বসন্ত দাসলৈ।

সংগীতা শইকীয়া
সম্পাদক
এন ই ফ’কাচ ডট কম

Leave A Reply

Your email address will not be published.