বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ বাতাবাৰী নাৰিকল উদ্যান চৌহদত আজি ভাৰত চৰকাৰৰ নাৰিকল উন্নয়ণ বোৰ্ডৰ উদ্যোগত নাৰিকল মেলা অনুষ্ঠিত হৈ যায় । ভাৰত চৰকাৰৰ দ্বাৰা পৰিচালিত ৪০ হেক্টৰ ভূমি সামৰি গঢ়ি তোলা উদ্যানখনত অনুষ্ঠিত নাৰিকল মেলাখন বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে সৰ্বভাৰতীয় নাৰিকল উন্নয়ণ বোৰ্ডৰ অধ্যক্ষ হনুমন্ত গৌৰা আৰু মুখ্য অতিথি হিচাপে উপস্থিত থকা উত্তৰ শালমাৰাৰ কাৰ্যবাহী দণ্ডাধীশ আশিষ কলিতাই । নাৰিকল উদ্যানখনৰ সহকাৰী সঞ্চালক বিলকিচ দান বৰাই আঁত ধৰা অনুষ্ঠানটোত শতাধিক কৃষকৰ উপস্থিতিত আৰু নাৰিকল উন্নয়ণ বোৰ্ডৰ ৰাজ্যিক সঞ্চালক ,বঙাইগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত মুখ্য বিজ্ঞানী গৌৰাংগ দাস,নাৰিকল প্ৰচিচিং চছাইটিৰ সভাপতি বলোৰাম দত্ত আদিয়ে উপস্থিত থকা মেলাখনত কৃষকসকলক নাৰিকল উন্নয়ণ বোৰ্ডৰ সকলোবোৰ আঁচনিৰ সুবিধাসমূহ গ্ৰহণ কৰিবলৈ কয় । তেওঁ আৰু ভাষণ প্ৰসংগত কয় যে সেমেকা জলবায়ু আৰু প্ৰচুৰ বৰষুণৰ বাবে অসমৰ ভূমি নাৰিকল খেতিৰ বাবে উপযোগী বুলি মন্তব্য কৰি এজোপা নাৰিকল গছৰ পৰা ৭০ ৰ পৰা ৮০ টা পৰ্যন্ত নাৰিকল পাব পাৰি বুলি মন্তব্য কৰে । নাৰিকল মেলাখনত বিভিন্ন প্ৰজাতিৰ নাৰিকল ,নাৰিকলৰ কোৰোকা ,গা-গছৰ পৰা উৎপাদিত সামগ্ৰী আদিৰো প্ৰদৰ্শন কৰাৰ লগতে নাৰিকল গছ ৰোপন ,লালন-পালন আদিৰ বিষয়ে প্ৰশিক্ষণ দিয়াৰ উপৰি বানিজ্যিক দিশটোও আলোচনা কৰে ।
Trending
- NSE MD & CEO Ashishkumar Chauhan Wishes PM Modi on 75th Birthday-Underscores Growing Trust in India’s Economic Future
- তামুলপুৰত জ’নেল আৰু ছেক্টৰ বিষয়াৰ সভা
- এয়াৰটেলৰ ঠগ বিৰোধী যুঁজৰ ফলস্বৰূপে তেওঁলোকৰ গ্ৰাহকৰ আৰ্থিক ক্ষতিৰ পৰিমাণ ৭০% কমিছে
- Numaligarh Refinery Limited (NRL) Holds 32nd Annual General Meeting
- জ্যোতি চিত্ৰবনত সীমান্ত চেতনা মঞ্চৰ তিনিদিনীয়া ছ’ল তথ্য চলচ্ছিত্ৰ মহোৎসৱ
- চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত কুইজ প্ৰতিযোগিতাৰ সামৰণি
- অসম ডনবস্ক’ বিশ্ববিদ্যালয় আৰু অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত বহনক্ষম উন্নয়ন লক্ষ্যৰ ওপৰত গৱেষণা সন্মিলন
- নিৰ্বাচনী পৰ্যৱেক্ষক ক্ষিতীশ চন্দ্ৰ পেগুৰ ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন
- বনকৰ্মীৰ পহৰাৰ সুবিধাৰ্থে ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ ৪ খন অত্যাধুনিক নাওৰ যোগান এ এছ ডি এম এৰ
- বিশ্ব যুৱ মহোৎসৱত প্ৰতিভা প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ দুই শিক্ষাৰ্থী