অসম চৰকাৰৰ বন আৰু পৰিৱেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আজি মৰিগাঁৱৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলাখনৰ প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল আৰু অমৃত বৃক্ষ আন্দোলন সন্দৰ্ভত পৰ্যালোচনা চলায়। সভাত মন্ত্ৰীগৰাকীয়ে মৰিগাঁও জিলাৰ বহা প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলৰ বৰ্তমানৰ স্থিতি সন্দৰ্ভত আলোচনা কৰে। সভাত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলখনত বেদখল সম্পৰ্কীয় বিতং তথ্য দাঙি ধৰে। মন্ত্ৰীগৰাকীয়ে প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলখনক সংৰক্ষিত বনাঞ্চললৈ ৰূপান্তৰ কৰাৰ বাবে জিলা প্ৰশাসন আৰু বন বিভাগক যুটীয়াভাৱে প্ৰয়োজনীয় জৰীপ চলাবলৈ নিৰ্দেশ দিয়ে। লগতে জলাশয়সমূহ যাতে কোনো কাৰণতে কোনেও বেদখল কৰিব নোৱাৰে সেয়া সুনিশ্চিত কৰাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে। সভাত শ্ৰী পাটোৱাৰীয়ে অমৃত বৃক্ষ আন্দোলনৰ অধীনত চলিত বৰ্ষত মৰিগাঁও জিলাত গছপুলি ৰোপণৰ বাবে অব্যাহত থকা পঞ্জীয়নৰ সবিশেষ বুজ লয়। মৰিগাঁও জিলাত এইবছৰ অমৃত বৃক্ষ আন্দোলনৰ অধীনত প্ৰায় ৭ লাখ গছপুলি ৰোপনৰ লক্ষ্য লোৱা হৈছে। সভাত মন্ত্ৰীগৰাকীক অৱগত কৰোৱা হয় যে নেলী, দেওশাল আৰু মিকিৰভেটাত থকা বন বিভাগৰ নাৰ্চাৰীত পৰ্যাপ্ত গছপুলি মজুত আছে। মন্ত্ৰীগৰাকীয়ে এক সেউজ অৰ্থনীতি গঢ় দিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে যোৱা বছৰ অমৃত বৃক্ষ আন্দোলনৰ অধীনত ১০ টাকৈ বিশ্ব অভিলেখ গঢ়াৰ ক্ষেত্ৰত ৰাজ্যখনৰ আত্মসহায়ক গোটৰ মহিলাসকলৰ সৰ্বাধিক অৱদান আছিল। এইবছৰ মহিলাসকলৰ প্ৰচেষ্টাতে আৰু অধিক অভিলেখ গঢ় দিয়াৰ লগতে ৰাজ্যখনত এটা সেউজ পৰিৱেশ গঢ় দিব পৰা যাব বুলি তেওঁ আশা প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে যোৱা বছৰ এদিনত ১ কোটি ১২ লাখ গছপুলি ৰোপণ কৰা হৈছিল আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এইবছৰ ৩ কোটি গছপুলি ৰোপণ কৰাৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰিছে। তেওঁ কয় যে অমৃত বৃক্ষ আন্দোলনৰ অধীনত এইবাৰ ৩ কোটি গছপুলি ৰোপণ কৰা হ’ব। ইয়াৰ উপৰি কেম্পাকে ধৰি বন বিভাগৰ বিভিন্ন আঁচনি, বিশ্ব পৰিৱেশ দিৱস আদিত প্ৰায় ১ কোটি গছপুলি ৰোপণ কৰা হ’ব। অৰ্থাৎ এই বছৰ অসমত প্ৰায় ৪ কোটি গছপুলি ৰোপণ কৰা হ’ব বুলি তেওঁ কয়। সভাত জিলা আয়ুক্তগৰাকীয়ে মৰিগাঁও জিলাৰ চাৰণ বিলৰ পাৰত গছপুলি ৰোপণৰ বাবে গ্ৰহণ কৰা পৰিকল্পনা সন্দৰ্ভত মন্ত্ৰীগৰাকীক অৱগত কৰায়। শ্ৰী পাটোৱাৰীয়ে চাৰণ বিলৰ লগতে মৰাকলঙৰ পাৰতো গছপুলি ৰোপনৰ বাবে ব্যৱস্থা ল’বলৈ আহ্বান জনায়। উল্লেখ্য যে অহা ৩১ জুলাইৰ ভিতৰত অমৃত বৃক্ষ আন্দোলনৰ অধীনত আত্মসহায়ক গোট, চাহ বাগিচা, শিক্ষানুষ্ঠান, আৰক্ষী, অৰ্ধ সামৰিক বাহিনী আৰু অন্যান্য অনুষ্ঠান-প্ৰতিষ্ঠানে পঞ্জীয়ন কৰিব লাগিব। ১ আগষ্টৰ পৰা ১৫ আগষ্টৰ ভিতৰত গছপুলিসমূহ ৰোপণ কৰা হ’ব। আজিৰ সভাত অসম চৰকাৰৰ সচিব আদিল খান, অতিৰিক্ত প্ৰধান মুখ্য বন সংৰক্ষক ডঃ সত্যেন্দ্ৰ সিং, মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, অতিৰিক্ত জিলা আয়ুক্ত পল্লৱী কছাৰী, প্ৰাঞ্জল বৰুৱা, বিমান দাস আৰু সুলক্ষণা বৰপাত্ৰগোহাঁই, মাণ্ডলিক বন বিষয়া সুহাছ কদম আৰু বন বিভাগ তথা অন্যান্য কেইবাটাও বিভাগৰ বিষয়াসকল উপস্থিত আছিল।
Trending
- ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ গুৱাহাটী কাৰ্যালয়ত পালন কৰা হ’ল ১১ সংখ্যক আন্তৰ্জাতিক যোগ দিৱস
- কামৰূপ (ম) জিলা প্ৰশাসনৰ আন্তৰ্জাতিক যোগ দিৱস উদযাপন
- তামুলপুৰত ৰাভা দিৱসৰ লাইভ কাৰ্যসূচী প্ৰদৰ্শন
- সাহিত্য অকাডেমী বঁটা প্ৰাপক সুৰেন্দ্ৰ মোহন দাসক উষ্ম অভিনন্দন
- Assam–Arunachal Border Talks: 5th Regional Committee Meeting Charts Path to Resolution
- অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ গ্ৰাহকক অনলাইন প্ৰৱঞ্চনাৰ পৰা ৰক্ষা কৰিবলৈ ভাৰতী এয়াৰটেলৰ অনন্য প্ৰচেষ্টা
- ৰাইজৰ সুবিধাৰ বাবে বন বিভাগৰ ৱেব পৰ্টেল আৰু ম’বাইল এপ মুকলি
- বি আৰ অৰ পূৱ মণ্ডলৰ এ ডি জি হিচাপে জীতেন্দ্ৰ প্ৰসাদৰ কাৰ্যভাৰ গ্ৰহণ
- মুখ্যমন্ত্ৰীৰ সপোনৰ প্ৰকল্প – ব্ৰহ্মপুত্ৰৰ ওপৰত শুৱালকুচি – পলাশবাৰী সংযোগী দলঙৰ মাজিৰগাঁওৰ পৰা বিমানবন্দৰৰ সমীপলৈ নিৰ্মাণ হাইস্পীদ চাৰিলেনযুক্ত পথ সুকীয়াকৈ থাকিব
- Inauguration of Common Facility Center (CFC) under PM-DevINE Scheme at Chümoukedima, Nagaland