বিশ্বৰ সর্ববৃহৎ ক্রীড়া মহোৎসৱ অলিম্পিকত অংশ ল’বলৈ শনিবাৰে জাপানৰ টকিঅ’ অভিমুখে ৰাওনা হৈছে অসম কন্যা লাভলীনা বৰগোহাঁই৷ ভাৰতীয় দলৰ আন সদস্যসকলৰ সৈতে তেওঁ নতুন দিল্লীৰ পৰা শনিবাৰে নিশা টকিঅ’লৈ উৰা মাৰে৷কেন্দ্রীয় ক্রীড়ামন্ত্রী অনুৰাগ ঠাকুৰে বিমান বন্দৰত উপস্থিত থাকি ভাৰতীয় এথলীটৰ দলটোক শুভেচ্ছা জনায়৷ ইফালে লাভলীনাৰ লগতে টকিঅ’গামী ভাৰতীয় এথলীটসকলক উৎসাহিত কৰিবলৈ অসম অলিম্পিক সন্থাই কালি আৰ জি বৰুৱা ক্রীড়া প্রকল্পত এক অনুষ্ঠানৰ আয়োজন কৰে৷ ‘গুড লাক লাভলীনা, গুড লাক টীম ইণ্ডিয়া’ নামৰ এই অনুষ্ঠানত মিথু বৰুৱা, কল্পনা চৌধুৰী, পৰাগ দাস, টানিয়া চৌধুৰী, অন্যতম ৰাজকোঁৱৰ, এলভিছ আলী হাজৰিকাৰ দৰে কেইবাগৰাকীও প্রাক্তন খেলুৱৈৰ লগতে এডভেন্সাৰ ট্যুৰ অপাৰেটৰ অৱ অৰুণাচলৰ সভাপতি শ্বেৰিং ৱাংগে উপস্থিত থাকে৷ লাভলীনাক শুভেচ্ছা জনাবলৈ এই অনুষ্ঠানতে এক স্বাক্ষৰ অভিযান মুকলি কৰা হয়৷উল্লেখ্য যে প্রতিভাৱান বক্সাৰ লাভলীনা হ’ল অলিম্পিকলৈ যোগ্যতা অর্জন কৰা অসমৰ প্রথমগৰাকী মহিলা ক্রীড়াবিদ৷
Trending
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক
- সামাজিক মাধ্যমত অসমীয়া মিউজিক ভিডিঅ’ ফুলকুমলীয়া মুকলি
- পথিকৰ উদ্যোগত পদুমবড়ীত বিনামূলীয়া স্বাস্থ্য আৰু চকু পৰীক্ষা শিবিৰ সম্পন্ন
- কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত জালুকবাৰী থানা এলেকাৰ দুৰ্গা পূজা উদযাপন আৰু বিসৰ্জন বিষয়ক সভা সম্পন্ন
- Bringing Healthcare Closer to People: Health Camp Held in Kamrup under Seva Sankalp Abhiyan