অসম চৰকাৰে ৰাইজৰ সুবিধাৰ বাবে গ্ৰহণ কৰা মুখ্যমন্ত্ৰীৰ সহজ গৃহ নিৰ্মাণ আঁচনি আজি পশ্চিম গুৱাহাটীৰ আজাৰাত শুভাৰম্ভ কৰা হয়। যিসকল লোকৰ মাটিৰ পৰিমাণ কম আৰু গৃহ নিৰ্মাণৰ অনুমতিৰ বাবে বিভিন্ন অসুবিধাৰ সন্মুখীন হয় ,সেইসকল নাগৰিকৰ সুবিধাৰ বাবে মুখ্যমন্ত্ৰীৰ এই সহজ গৃহ নিৰ্মাণ আঁচনিখন মুকলি কৰা হৈছিল। আজাৰাত আঁচনিখনৰ শুভাৰম্ভ কৰে বিশিষ্ট শিক্ষাবিদ, পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ আৰু মেঘালয়ৰ ইউ এছ টি এমৰ সঞ্চালক (প্ৰশাসনিক) ড৹ বলেন্দ্ৰ কুমাৰ দাসে। অনুষ্ঠানত অভিযন্তাদ্বয় ৰিকি শইকীয়া আৰু বৰ্ণালী কলিতা দেব, সমাজকৰ্মী লাহৰি বৰুৱা, হীৰেণ বৰুৱা, ড: দেৱকিংকৰ শৰ্মা, মহেন্দ্ৰ দাসকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
Trending
- স্বাস্থ্য মন্ত্ৰী অশোক সিংহলৰ চৰাইদেউ, নাজিৰা, শিৱসাগৰ আৰু ডিমৌৰ বানাক্ৰান্ত অঞ্চল, সাহায্য আৰু স্বাস্থ্য শিৱিৰ পৰিদৰ্শন
- ভূই ৰোৱা উৎসৱ পালন
- প্ৰতিবছৰে বানপানীয়ে কিয় জোকাৰি যায় অসমক, ইয়াৰ স্থায়ী সমাধান আছে নে
- মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ছ’চাইটি আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাজত বুজাবুজিৰ চুক্তি
- কৃষি বিজ্ঞান কেন্দ্র কামৰূপত নাচাৰ্ৰীৰ বৃত্তিমূলক পাঁচদিনীয়া প্রশিক্ষণ কাৰ্যসূচীৰ সামৰণি
- বোকাখাতৰ নুমলীগড়স্থিত বান সাহাৰ্য্য শিবিৰত আজি উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা
- Emergency Flood Preparedness Meeting Held in Kamrup
- ৰাজ্যৰ পাঁচ জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনা : গুণগত আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিতকৰণত গুৰুত্ব মন্ত্ৰী অশোক সিংহলৰ
- এয়াৰটেল হটস্পট সেৱাৰ গতি অব্যাহত
- Agriculture Minister Pijush Hazarika distributes MMUA cheques to 22,818 beneficiaries in Dhing