কামৰূপ মহানগৰ উপায়ুক্ত কাৰ্যালয় পৰিদৰ্শন ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াৰ

0 187

অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই আজি কামৰূপ (ম) উপায়ুক্ত কাৰ্যালয় পৰিদৰ্শন কৰে।প্ৰথমবাৰৰ বাবে উপায়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ উপায়ুক্ত,আৰক্ষী আয়ুক্ত, বিভাগৰ মুৰব্বী আৰু অন্যান্য বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হৈ উন্নয়নমূলক কাম-কাজ আৰু আইন-শৃংখলাৰ পৰ্যালোচনা কৰে।

উপাযুক্তৰ কাৰ্যালয়ৰ সন্মিলন কক্ষত বৈঠকত ৰাজ্যপালগৰাকীয়ে কৃষি, উদ্যান শস্য, জনস্বাস্থ্য, শিক্ষা, জিএমচি, জিএমডিএ আদি সকলো বিভাগে গ্ৰহণ কৰা প্ৰকল্পসমূহৰ অৱস্থাৰ পৰ্যালোচনা কৰে। সকলো চৰকাৰী আঁচনিৰ ফল যাতে অতি সোনকালে সমাজৰ সকলো স্তৰৰ লোকসকলে লাভ কৰে তাৰ বাবে বিশেষ পদক্ষেপ ল’বলৈ প্ৰশাসনক নিৰ্দেশ দিয়ে। জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই জিলাখনত বৰ্তমান চলি থকা বিভিন্ন উন্নয়নমূলক কাম-কাজৰ বিষয়ে ৰাজ্যপালক অৱগত কৰে।

ইপিনে ৰাজ্যপাল কাটাৰিয়াই মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ সৈতেও এক বৈঠকত মিলিত হৈ মহানগৰীৰ আইন-শৃংখলা পৰিস্থিতিৰ বিষয়ে এক আভাস লাভ কৰে।

Leave A Reply

Your email address will not be published.