আজিৰেপৰা শোণিতপুৰ জিলাত আৰম্ভ হৈছে ৰাজ্য শিক্ষা বিভাগৰ নিৰ্দেশনা মতে গুণোৎসৱ -২০২২ । জিলাখনৰ অন্যান্য শিক্ষাখণ্ডৰ লগতে বালিপৰা খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ৰ অধীনৰ বিদ্যালয়সমূহতো অনুষ্ঠিত হৈছে গুণোৎসৱ প্ৰক্ৰিয়া । বালিপৰা খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ৰ সৰ্বমুঠ ৩৯১ খন বিদ্যালয়ৰ প্ৰায় ৪৪ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ মাজত আজিৰেপৰা অনুষ্ঠিত হৈছে গুণোৎসৱ । গুণোৎসৱ অনুষ্ঠিত প্ৰতিখন বিদ্যালয়ত নিৰ্ধাৰিত বহিঃ মূল্যায়ক উপস্থিত হৈ মূল্যায়ন প্ৰক্ৰিয়া সম্পাদন আৰু তদাৰক কৰিছে । আজি বহিঃ মূল্যায়ক হিচাপে বালিপৰা শিক্ষাখণ্ডৰ বাকোলা মৰিসূঁতি প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত গুণোৎসৱত বহিঃ মূল্যায়ক হিচাপে উপস্থিত হৈ চাৰিদুৱাৰ ৰাজহ চক্ৰ বিষয়া অদিতি গগৈয়ে নিজ কৰ্তব্য সম্পাদন কৰাৰ লগতে দিলে মহানুভৱতাৰ পৰিচয় । চক্ৰ বিষয়া অদিতি গগৈয়ে বিদ্যালয়খনৰ মুল্যায়ন কৰাৰ অন্তত বিদ্যালয় কৰ্তৃপক্ষ আৰু বিদ্যালয় পৰিচালনা সমিতিৰ হাতত দহ হাজাৰ টকা বিদ্যালয়খনত চিলিং ফেন লগোৱাৰ বাবে আগবঢ়াই মহানুভৱতাৰ পৰিচয় দাঙি ধৰিছে।চক্ৰ বিষয়াগৰাকীৰ এনে মহানুভৱতাক বিদ্যালয় পৰিচালনা সমিতিৰ লগতে বালিপৰা শিক্ষাখণ্ডৰ বিষয়া মনিশ ঠাকুৰে কাকতৰ যোগেদি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে।
Trending
- ভূই ৰোৱা উৎসৱ পালন
- প্ৰতিবছৰে বানপানীয়ে কিয় জোকাৰি যায় অসমক, ইয়াৰ স্থায়ী সমাধান আছে নে
- মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ছ’চাইটি আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাজত বুজাবুজিৰ চুক্তি
- কৃষি বিজ্ঞান কেন্দ্র কামৰূপত নাচাৰ্ৰীৰ বৃত্তিমূলক পাঁচদিনীয়া প্রশিক্ষণ কাৰ্যসূচীৰ সামৰণি
- বোকাখাতৰ নুমলীগড়স্থিত বান সাহাৰ্য্য শিবিৰত আজি উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা
- Emergency Flood Preparedness Meeting Held in Kamrup
- ৰাজ্যৰ পাঁচ জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনা : গুণগত আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিতকৰণত গুৰুত্ব মন্ত্ৰী অশোক সিংহলৰ
- এয়াৰটেল হটস্পট সেৱাৰ গতি অব্যাহত
- Agriculture Minister Pijush Hazarika distributes MMUA cheques to 22,818 beneficiaries in Dhing
- ধুবুৰী, কোকৰাঝাৰকে ধৰি পাঁচখন জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ পৰ্যালোচনা