জিলা প্ৰতিষ্ঠাৰ দিনৰূপে শিৱসাগৰত শিৱসাগৰ দিৱস উদযাপন

0 193

অতিমাৰী ক’ভিড-১৯ ৰ গনসংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি সম্পূৰ্ণ ক’ভিড প্ৰট’কল মানি আজি শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ত অনুষ্টুপীয়াকৈ শিৱসাগৰ দিৱস উদযাপন কৰা হয়।
উপায়ুক্ত বিষ্ণু কমল বৰাই আনুষ্ঠানিকভাৱে পতাকা উত্তোলন কৰি শিৱসাগৰ দিৱসৰ শুভাৰম্ভ কৰে।
শিৱসাগৰ দিৱস উপলক্ষে আজি উপায়ুক্তৰ অধ্যক্ষতাত তথা জ্যেষ্ঠ প্ৰশাসনিক বিষয়া আৰু উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী সকলৰ উপস্থিতিত চুকাফা সভাকক্ষত এখন সভা অনুষ্ঠিত হয়।
সভাত উপায়ুক্ত বিষ্ণু কমল বৰাই সমূহ শিৱসাগৰ বাসী ৰাইজক শিৱসাগৰ দিৱস উপলক্ষে অভিনন্দন জ্ঞাপন কৰে। ১৯৮৩ চনৰ ১ জুলাই তাৰিখে শিৱসাগৰে বৰ্তমানৰ চৰাইদেউ জিলাৰ সীমা সাঙুৰি শিৱসাগৰ জিলা হিচাবে আত্মপ্ৰকাশ পাইছিল বুলি তেওঁ উল্লেখ কৰি কয় যে, ২০১৪ বৰ্ষৰ পৰা শিৱসাগৰ দিৱস পালন কৰি অহা আছে৷ তেওঁ জিলাখনৰ ইতিহাসৰ ওপৰত চমু আলোকপাত কৰাৰ লগতে কয় যে, এই দিৱসৰ লগত শিৱসাগৰ বাসীৰ বহু স্মৃতি জড়িত হৈ আছে। এই স্মৃতি সমূহ সজীৱ কৰি ৰখাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে। ক’ভিডসৃষ্ট পৰিবেশ নাথাকিলে এই দিৱস বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰিব পৰা গলহেঁতেন বুলিও তেওঁ জনায়।
সভাত উপায়ুক্ত গৰাকীয়ে যিসকল বিষয়া-কৰ্মচাৰীয়ে বৰ্তমানলৈ ক’ভিড-১৯ ৰ ভেকচিন গ্ৰহণ কৰা নাই, তেওঁলোকক অতিশীঘ্ৰে ভেকচিন গ্ৰহণ কৰিবলৈ আহ্বান জনায়।
সভাত উপায়ুক্ত কাৰ্যালয়ৰ কিছু কৰ্মচাৰীয়ে শিৱসাগৰ দিৱস উপলক্ষে তেওঁলোকৰ অনুভূতি ব্যক্ত কৰে।
আজিৰ সভাত জিলা উন্নয়ন আয়ুক্ত প্ৰণৱজিত কাকতি, অতিৰিক্ত উপায়ুক্তসকল ক্ৰমে বিতোপন নেওগ, চন্দনা বৰুৱা আৰু কৰ্মদেৱ ব্ৰহ্ম, মহকুমাধিপতি (সদৰ) সুকণ্যা বৰা, সহকাৰী আয়ুক্ত মনালী প্ৰসাদ ৰজক আৰু দীপাৱলী কুৰ্মীৰ উপৰি উপায়ুক্ত কাৰ্যালয়ৰ ভালেসংখ্যক কৰ্মচাৰী উপস্থিত থাকে।
বাতৰি যুগুতালে শিৱসাগৰৰ পৰা দিলিস্তান খানে..

Leave A Reply

Your email address will not be published.