কটন বিশ্ববিদ্যালয়ৰ পৰিৱেশ জীৱবিদ্যা আৰু বন্যজীৱ বিজ্ঞান বিভাগে দীপৰ বিলৰ সমীপৱৰ্তী ৰাণী সংৰক্ষিত বনাঞ্চলৰ বন গাঁৱ ছাটাৰগাওঁত বিকল্প জীৱিকাৰ সন্ধান’ শীৰ্ষক এক ৰাজহুৱা সভাৰ আয়োজন কৰে ৷ এই সভাখন দীপৰ বিলৰ সংৰক্ষণৰ অৰ্থে বাংগালুৰুৰ উইপ্ৰো ফাইণ্ডেশ্যনৰ দ্বাৰা সমৰ্থিত এক দীৰ্ঘম্যাদী প্ৰকল্পৰ অন্তৰ্গত ৷ প্ৰকল্প অনুসন্ধানকাৰী তথা কটন বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ড০ নাৰায়ণ শৰ্মাই সভাত অংশগ্ৰহণ কৰি কয় যে দীপৰ বিল আৰু ৰাণী সংৰক্ষিত বনাঞ্চলৰ নিচিনা আন্তৰ্জাতিক প্ৰতিষ্ঠা সম্পন্ন জলাশয়সমূহৰ আৰু বনাঞ্চল সংৰক্ষণৰ বাবে ইয়াৰ ওপৰত প্ৰত্যক্ষ নিৰ্ভৰশীলতা কমাব লাগিব আৰু ইয়াৰ বাবে বিকল্প জীৱিকাৰ অনুসন্ধান নিতান্তই প্ৰয়োজনীয় ৷ ৫০ ৰো অধিক লোকে এই সভাত অংশ লয় ৷ অংশগ্ৰহণকাৰী সকলে বিভিন্ন বিকল্প জীৱিকাৰ বিষয়ে পৰামৰ্শ আগবঢ়ায়, যিবোৰে দীপৰ বিলৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ লগতে স্থানীয় অৰ্থনীতিও টনকিয়াল কৰিব ৷ ইয়াৰ ভিতৰত মেটেকাৰ পৰা হস্তশিল্পৰ নিৰ্মাণ, জৈৱিক কৃষি, উৎপাদিত সামগ্ৰীৰ মানদণ্ড উন্নয়ন আদিৰ লগতে অন্যান্য বৃত্তিমুখী শিক্ষা যেনে ম’বাইল ৰিপেয়াৰিং, বিউটীচিয়ান আদি উল্লেখনীয় ৷ ইয়াৰ উপৰিও অঞ্চলটোত বিভিন্ন ব্যৱসায়িক তথা চৰকাৰী প্ৰতিষ্ঠানৰ কৰ্পোৰেট ছ’চিয়েল ৰেছপঞ্চিবিলিটীৰ অন্তৰ্গত দক্ষতা বিকাশ প্ৰশিক্ষণ কাৰ্যসূচীৰ সম্ভাৱনাৰ কথাও সভাত আলোচনা কৰা হয় ৷
Trending
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ উদ্যোগত মালিগাঁৱত “হেঁপাহৰ ভোগালী” শীৰ্ষক অনুষ্ঠান
- আজি ইউনেস্ক’ৰ মুখ্য কাৰ্যালয়ত চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ প্ৰমাণ পত্ৰ গ্ৰহণ
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ সৰ্বভাৰতীয় আন্তঃমণ্ডল গুৱাহাটী ক্ৰিকেট প্ৰতিযোগিতাত পশ্চিম মণ্ডল চেম্পিয়ন
- মহানগৰীত ৰাষ্ট্ৰীয় পথ-সুৰক্ষা মাহৰ ব্যতিক্ৰমী অনুষ্ঠান পৰিবহণ বিভাগৰ
- কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কেৰিয়াৰ সজাগতা সভা
- চাকৰি এৰি ব্যৱসায়েৰে স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাইছে প্ৰশান্তমণিয়ে
- সৰ্বভাৰতীয় অসামৰিক সেৱাৰ বেডমিণ্টন প্ৰতিযোগিতাত অসমৰ সোণ আৰু ব্ৰঞ্জৰ পদক লাভ
- Bureau of Indian Standards Celebrates 78th Foundation Day at Guwahati
- বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত এটা বছৰত ৬,৫১৯ টা গৰু জব্দ , ৯৭ জন ভাৰতীয় আৰু ৩৬ জন বাংলাদেশী চোৰাং কাৰবাৰীক গ্ৰেপ্তাৰ বি এছ এফৰ গুৱাহাটী ফ্ৰন্টিয়াৰৰ
- ৫ জানুৱাৰীত ১৩ সংখ্যক বেদান্ত বাচস্পতি ৰাধানাথ ফুকন স্মাৰক বক্তৃতা