বিশ্বকৰ্মা পূজালৈ মাজত মাথোঁ কেইটামান দিন -জামুগুৰিহাটৰ মৃন্ময় শিল্পী সকল ব্যস্ত হৈ পৰিছে বিশ্বকৰ্মা পূজাৰ মূৰ্তি নিৰ্মাণত

0 190

বিশ্বকৰ্মা পূজালৈ মাজত মাথো কেইটামান দিন। জামুগুৰিহাটৰ মৃন্ময় শিল্পী সকল এতিয়া ব্যস্ত হৈ পৰিছে বিশ্বকৰ্মা পূজাৰ বাবে মূৰ্তি নিৰ্মাণত। তেনে সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখা গৈছে এক উখল মাখল পৰিৱেশ৷বিশ্বকৰ্মা পূজাৰ মূৰ্তি নিৰ্মাণত ব্যস্ত হৈ পৰিছে ৰাজ্যৰ মৃন্ময় শিল্পীসকল৷ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শোণিতপুৰ জিলাৰ জামুগুৰিহাটত থকা এখন মা-মনসা শিল্পালয়ত দেখা গৈছে মৃন্ময় শিল্পীসকলৰ ব্যস্ততা।দিনে নিশাই প্ৰতিমা নিৰ্মাণত ব্যস্ত হৈ পৰিছে মৃন্ময় শিল্পী সকল৷অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিমা নিৰ্মাণৰ বাবে অৰ্ডাৰ লাভ কৰিছে মৃন্ময় শিল্পী সকলে ৷ মা-মনসা শিল্পালয়ৰ নিৰঞ্জন দাস নামৰ মৃন্ময় শিল্পী গৰাকীয়ে জানিবলৈ দিয়া মতে যে অন্য বছৰৰ তুলনাত এইবাৰ মুল্য বৃদ্ধি হৈছে প্ৰতিমাৰ৷চৰকাৰৰ ফালৰ পৰা মৃন্ময় শিল্পীসকলে কোনো ধৰনৰ সহাঁৰি পোৱা নাই ৷চৰকাৰী সহায় সুবিধা পালে অনাগত দিনত মৃন্ময় শিল্পী সকলে আৰু বেছিকৈ প্ৰতিমা নিৰ্মাণ কৰিবলৈ পাৰিব বুলি জানিবলৈ দিছে৷

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই।

Leave A Reply

Your email address will not be published.