আগন্তুক অসম বিধানসভাৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত তিনিদিনীয়া কাৰ্যসূচীৰে আজি গুৱাহাটীত উপস্থিত হৈছে ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ নেতৃত্বত নিৰ্বাচন আয়োগৰ এটা প্ৰতিনিধি দল । আজি বিয়লিৰ ভাগত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত উপস্থিত হোৱা নিৰ্বাচন আয়োগৰ উক্ত প্ৰতিনিধি দলটোক ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে আদৰণি জনায়। অসমত উপস্থিত হোৱা নিৰ্বাচন আয়োগৰ প্ৰতিনিধি দলটোৰ অন্যান্য বিষয়ববীয়াসকল হৈছে নিৰ্বাচন আয়ুক্তদ্বয় ড° এছ. এছ. সান্ধু আৰু ড° বিবেক যোশী, জ্যেষ্ঠ উপ-নিৰ্বাচন আয়ুক্তদ্বয় মনীশ গাৰ্গ আৰু ড° পৱন কুমাৰ শৰ্মা, সঞ্চালক প্ৰধান আশীষ গোৱেল, উপদেষ্টা এন. এন. বুটোলিয়া, সঞ্চালক বিদ্যাৰাণী কন্থৌজাম ইত্যাদি। দেশৰ নিৰ্বাচন আয়োগৰ উচ্চ পদস্থ বিষয়াৰ দলটোৱে আগন্তুক অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচন, ২০২৬ সন্দৰ্ভত বিভিন্ন কাৰ্যসূচী তথা বৈঠকত অংশগ্ৰহণ কৰিব। ১৭ ফেব্ৰুৱাৰীত মহানগৰীৰ ৰেডিছন ব্লু হোটেলত আয়োজন কৰা কাৰ্যসূচীত নিৰ্বাচন আয়োগে ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধিসকলৰ সৈতে আলোচনাত মিলিত হ’ব। উক্ত আলোচনাত স্বীকৃতিপ্ৰাপ্ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনৈতিক দল আৰু ৰাজ্যিক পৰ্যায়ৰ ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰিব। তদুপৰি আয়োগে বিষয়াসকলে ৰাজ্যৰ আৰক্ষী মহাপৰিদৰ্শক, ক্ষেত্ৰীয় আৰক্ষী উপ- মহাপৰিদৰ্শক, জিলা নিৰ্বাচন বিষয়া তথা দণ্ডাধীশ আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকসকলৰ সৈতে ভোটগ্ৰহণৰ প্ৰস্তুতি সন্দৰ্ভত অনুষ্ঠিত হ’বলগীয়া এখন পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰিব। তেনেদৰে, ১৮ ফেব্ৰুৱাৰীত আয়োগৰ বিষয়াসকলে উক্ত হোটেলতে ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ লগতে এনফ’ৰ্চমেন্ট এজেঞ্চীৰ নোডেল তথা প্ৰধান বিষয়া, মুখ্য কাৰ্যবাহী বিষয়া, ষ্টেট পুলিচ নোডেল অফিচাৰ, চি এ পি এফ নোডেল বিষয়া তথা সংশ্লিষ্ট বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হ’ব। আনহাতে, ১৮ ফেব্ৰুৱাৰীৰ বিয়লিৰ ভাগত আয়োগৰ দলটোৱে এখন সংবাদ মেল সম্বোধন কৰিব আৰু বুথ পৰ্যায়ৰ বিষয়াসকলৰ সৈতে মত বিনিময় কৰিব।
Trending
- মুখ্যমন্ত্ৰীক সাক্ষাৎ গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিনিধিবৰ্গৰ
- World Hepatitis Day Observed in Kamrup Metro District
- স্বাস্থ্য মন্ত্ৰী অশোক সিংহলৰ চৰাইদেউ, নাজিৰা, শিৱসাগৰ আৰু ডিমৌৰ বানাক্ৰান্ত অঞ্চল, সাহায্য আৰু স্বাস্থ্য শিৱিৰ পৰিদৰ্শন
- ভূই ৰোৱা উৎসৱ পালন
- প্ৰতিবছৰে বানপানীয়ে কিয় জোকাৰি যায় অসমক, ইয়াৰ স্থায়ী সমাধান আছে নে
- মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ছ’চাইটি আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাজত বুজাবুজিৰ চুক্তি
- কৃষি বিজ্ঞান কেন্দ্র কামৰূপত নাচাৰ্ৰীৰ বৃত্তিমূলক পাঁচদিনীয়া প্রশিক্ষণ কাৰ্যসূচীৰ সামৰণি
- বোকাখাতৰ নুমলীগড়স্থিত বান সাহাৰ্য্য শিবিৰত আজি উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা
- Emergency Flood Preparedness Meeting Held in Kamrup
- ৰাজ্যৰ পাঁচ জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনা : গুণগত আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিতকৰণত গুৰুত্ব মন্ত্ৰী অশোক সিংহলৰ