ভাৰত-বাংলাদেশ সীমান্তৰ মানকাচাৰৰ সাহাপাৰাত থকা বি এছ কেম্পত বি এছ এফৰ অস্ত্ৰ প্ৰদৰ্শনী কাৰ্যসূচী ৰূপায়ন

0 171

নামনি অসমৰ দক্ষিণ শালমাৰা জিলাৰ মানকাছাৰৰ ভাৰত-বাংলাদেশ সীমান্তৰ সাহাপাৰাত অৱস্থিত ৪৫নং বেটেলিয়ন সীমান্ত নিৰাপত্তা বাহিনী চমুকৈ বি এছ এফ ৰ কেম্পত তেঁওলোকৰ কৰ্তব্যত ব্যৱহাৰ হোৱা অস্ত্ৰৰ এক প্ৰদৰ্শনী কাৰ্য্যসূচী ৰূপায়ন কৰে। মানকাচৰ যতীন্দ্ৰ মোহন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতাধিক ছাত্ৰ-ছাত্ৰী বি এছ এফৰ এই অস্ত্ৰ প্ৰদৰ্শনী কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি অস্ত্ৰ সম্পৰ্কে জ্ঞান আহৰণ কৰে। কোনটো অস্ত্ৰ কেতিয়া ক’ত নিৰ্মান কৰা হৈছে আৰু কি কামত কেনেকৈ ব্যৱহাৰ কৰা হয় সেই সম্পৰ্কে ছাত্ৰ-ছাত্ৰী সকলক বি এছ এফে শিক্ষা দিয়া পৰিলক্ষিত হয়। একেদৰে ছাত্ৰ ছাত্ৰী সকলক সীমান্তৰ কাঁইটীয়া তাৰৰ বেৰ পৰিদৰ্শন কৰিবলৈ দি বি এছ এফে দিনে নিশাই ২৪ ঘণ্টা শীত,ধুমুহা-বৰষুণৰ মাজত কিদৰে সীমান্তত টহল দিয়ে সেই সম্পৰ্কেও শিক্ষাৰ্থী সকলক বিস্তাৰিত ভাবে অৱগত কৰে। আনহাতে বি এছ এফৰ কাৰ্যকলাপ সম্পৰ্কে প্ৰস্তুত কৰা এখন তথ্য চিত্ৰ ছাত্ৰ ছাত্ৰী সকলক প্ৰদৰ্শন কৰা হয়। এই অনুষ্ঠানত ৪৫ নং বেটেলিয়ান বি এছ এফৰ ইনছপেক্টৰ বিকাশ কুমাৰ সিং উপস্থিত থকাৰ লগতে বি এছ এফৰ শীৰ্ষ বিষয়া সকল উপস্থিত থাকে। ছাত্ৰ ছাত্ৰীক দেশৰ নিৰাপত্তা আৰু অস্ত্ৰ সম্পৰ্কে জ্ঞান দিয়াৰ উদ্দেশ্য এই কাৰ্যসূচী ৰূপায়ন কৰা হয় বুলি বি এছ এফে জানিবলৈ দিছে।

বাতৰি যুগুতালে বঙাইগাঁৱৰ পৰা প্ৰফুল্ল কুমাৰ দাসে।

Leave A Reply

Your email address will not be published.