ভি ডি অ কনফাৰেঞ্চযোগে বান পৰিস্থিতি পৰ্যালোচনা মুখ্যমন্ত্ৰীৰ

0 236

কেইবাখনো জিলাক ক্ষতিগ্ৰস্ত কৰা বানৰ প্ৰতি লক্ষ্য ৰাখি আজি উপায়ুক্তসকলৰ সৈতে এক ভিডিঅ’ কনফাৰেঞ্চযোগে মুখ্যমন্ত্ৰীয়ে বান পৰিস্থিতিৰ পৰ্যালোচনা কৰে। বানত হোৱা ক্ষতিৰ প্ৰতি লক্ষ্য ৰাখি উপায়ুক্তসকলক এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ সেৱা ব্যৱহাৰ কৰিবলৈ আৰু প্ৰয়োজন হ’লে সেনাবাহিনীক উদ্ধাৰ প্ৰক্ৰিয়াত জড়িত কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে।

সকলো সাহাৰ্য শিবিৰত পৰ্যাপ্ত পৰিমাণত সাহাৰ্য সামগ্ৰীৰ উপলব্ধতাৰ উপৰি উপায়ুক্তসকলক বিতৰণ স্থান স্থাপন কৰি সাহায্য সামগ্ৰী যোগান ধৰাৰ বিষয়ত গুৰুত্ব প্ৰদান কৰে। লগতে উপায়ুক্তসকলক সাহাৰ্য শিবিৰসমূহত ২৪ ঘণ্টাই চিকিৎসাৰ সুবিধা উপলব্ধ কৰাৰ ক্ষেত্ৰতো নিৰ্দেশনা প্ৰদান কৰে। ভাঙি যোৱা সকলো মথাউৰিৰ ক্ষেত্ৰত পানী কমি গ’লেই গাঁতবোৰ পূৰ কৰি মথাউৰিবোৰ সুদৃঢ় কৰি দিয়াত গুৰুত্ব প্ৰদান কৰা হয়।

তদুপৰি বানৰ পাছত দেখা দিয়া স্বাস্থ্যজনিত বিপদৰ সৈতে মোকাবিলা কৰাৰ বাবে উপায়ুক্তসকলক প্ৰতিটো ৰাজহ চক্ৰত বিশাল পৰিসৰত স্বাস্থ্য শিবিৰৰ আয়োজন কৰাৰ পোষকতা কৰে। পৰিস্থিতি স্বাভাৱিক হ’লে উপায়ুক্তসকলে এসপ্তাহৰ ভিতৰত ক্ষয়-ক্ষতিৰ প্ৰতিবেদন দাখিল কৰি চৰকাৰক পুনৰ্নিৰ্মাণৰ কাম আৰম্ভ কৰাত সহায় কৰাৰ কথাও উল্লেখ কৰে।বৈঠকত কেবিনেট মন্ত্ৰীৰ লগতে এন ডি আৰ এফ আৰু এছ ডি আৰ এফ, বায়ুসেনা, ৰে’লৱে আদিকে ধৰি বিভিন্ন বিভাগৰ উচ্চ পদস্থ বিষয়াসকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.