শিৱসাগৰ বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ত আজি মাতৃ দিৱস উদযাপন কৰে । মাতৃ দিৱসত ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয় । সভাৰ সভাপতিত্ব আৰু উদ্দেশ্য বাখ্যা আৰু বন্তি প্ৰজ্বলন কৰে বিদ্যালয় খনৰ অধ্যক্ষ অমৰ বিনায়ক পাটিলে । ইয়াৰ পাছত মংগলাচৰণে অনুষ্ঠান আৰম্ভণি কৰে শিক্ষক শিক্ষয়িত্ৰী বৃন্দই আৰু মংগলাচৰণ পৰিচালনা আৰু অনুষ্ঠান আত ধৰে অংকিতা শীলে । মাতৃ দিৱসৰ তাৎপৰ্য বাখ্যা কৰে বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সম্পাদিকা অঞ্জলি দত্তই । তাৎপৰ্য বাখ্যাত কয় যে আজি দিনটোত স্বামী ৰামকৃষ্ঞ পৰমৎসদেৱৰ পত্নী মা সাৰদা দেৱীৰ নামত মাতৃ দিৱস বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ে প্ৰতি বছৰে অনুষ্ঠিত কৰি আহিছে । যেতিয়া পত্নী মা সাৰদা দেৱীৰ কোনো সন্তান নাছিল তেতিয়া মা সাৰদা দেৱীয়ে তেখেতৰ স্বামী ৰামকৃষ্ঞ পৰমৎসদেৱক কয় যে আমাৰ কোনো সন্তান নাই তেতিয়া ৰামকৃষ্ঞ পৰমৎসদেৱে পত্নীক কয় যে পৃথিৱীৰ সকলো সন্তানেই তোমাৰ সন্তান এতিয়াৰ পৰা সকলোকে তুমি মাতৃত্ব চেনেহেৰে মৰম দি উপচাই মাতৃ জ্ঞান কৰিবা আৰু তেতিয়াৰ পৰাই এই মাতৃ দিৱস কেন্দ্ৰত পালন কৰি আহিছে ।এই মাতৃ দিৱস এইকাৰণে পালন কৰা হয় আজিৰ যুগত নৱপ্ৰজন্মই মাকৰ প্ৰতি যাতে মৰম ভাৱ ৰাখে আৰু বুঢ়া বয়সত মাক দেউতাকক যাতে এলাগী নকৰে । যি মাকে ৯ মাহ ৯ দিন সন্তানক গৰ্ভত ৰাখি বহু দুখ কষ্টৰ মাজেদি এই পোহৰৰ পৃথিৱীত নিজৰ সন্তানটোক জন্ম দিয়ে আৰু ডাঙৰ দীঘল কৰি এই নতুন পৃথিৱীত পোহৰৰ বাট দেখুৱায় । এই বিষয়বোৰৰ প্ৰতি সন্তান তথা ছাত্ৰ-ছাত্ৰী সকলে ইয়াৰ এই দিৱসৰ প্ৰতি তাৎপৰ্য বহন কৰে । আজি মাক দেউতাকক বহুতে অৱহেলা কৰে আৰু অৱহেলাৰ বাবেই বৃদ্ধা আশ্ৰমত নতুবা ৰাষ্টাত এৰি থৈ যায় । এই বৃদ্ধা আশ্ৰম সৃষ্টি হোৱাৰ মূল কাৰণ এই বিলাকেই । আৰু এই নতুন প্ৰজন্মক মাক আৰু দেউতাকৰ প্ৰতি যাতে অৱহেলা নকৰে তাৰবাবেই এই মাতৃ দিৱস পাতিব লাগে । অকল বিবেকানন্দ কেন্দ্ৰই যে এই দিৱস পাতিব লাগে এনে নহয় ,সকলোৱেই নিজৰ মাতৃ দিৱস পালন কৰিব লাগে । ইয়াৰ পিছত গুৰু ভজন বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰী সকলে পৰিবেশন কৰে। কবিতা পাঠ কৰে শীৰক জ্যোতি দেউৰীয়ে । ছাত্র ছাত্ৰী সকলে নিজৰ নিজৰ মাতৃ আইক পদ যুগল ধুৱাই পূজা অৰ্চনা কৰে । খবৰ যুগুতালে শিৱসাগৰৰ পৰা দিল্লিস্তান খানে ।
Trending
- ৰাজ্যিক ভিত্তিত দ্বিতীয় জু-জিৎছু প্ৰতিযোগিতা সম্পন্ন
- বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ বিভাগৰ ৰাজ্যিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাৰ ত্ৰিপুৰা ভ্ৰমণ
- শক্তি পীঠ কামাখ্যা মন্দিৰত হাৰিয়ানাৰ মুখ্যমন্ত্ৰীৰ পূজা – অৰ্চনা – দুপৰীয়া খানামুখত বিজেপি নেতা ফণীন্দ্ৰ নাথ শৰ্মাৰ ঘৰত আহাৰ গ্ৰহণ , মুখ্যমন্ত্ৰী আৰু ফণীন্দ্ৰ নাথ শৰ্মাৰ সাংগঠনিক দক্ষতাক ভূয়সী প্ৰশংসা
- ৰাজ্যজুৰি অগপৰ ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন
- ৰাণীৰ বিক্ৰমপুৰত শঙ্কৰদেৱৰ জন্ম জয়ন্তী উৎসৱ পালন
- ২৭ সংখ্যক সৰ্বভাৰতীয় বন ক্ৰীড়া সমাৰোহলৈ অসমৰ ৭১ জনীয়া দল
- ৫৭৬ তম গুৰু জন্ম জয়ন্তী উৎসৱত হৰি নামৰে মুখৰিত বটদ্ৰৱা আকাশ বতাহ
- নুন মাটি অঞ্চলৰ আর্থিকভাৱে পিছপৰা ৫০জন অনাথ শিক্ষাৰ্থীৰ মাজত শিক্ষণ সামগ্ৰী আৰু খাদ্য সামগ্ৰী প্ৰদান
- বি এছ এফৰ গুৱাহাটী ফ্ৰন্টিয়াৰৰ মহা পৰিদৰ্শক হিচাপে সঞ্জয় গৌৰৰ দায়িত্বভাৰ গ্ৰহণ
- প্ৰথমবাৰৰ বাবে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ সম্পূৰ্ণ ৱেবভিত্তিক আৰু কাগজবিহীন পৰ্যালোচনা মন্ত্ৰী অশোক সিংহলৰ