গগণা মুম্বাই’ সৌজন্যত পোনপ্ৰথম বাৰৰ বাবে মুম্বাইত অনুষ্ঠিত হ’ব অসমীয়া পূৰ্ণাংগ ভাওনা। গগণা’ মুম্বাইৰ প্ৰবাসী অসমীয়াৰ এটা সামাজিক সাংস্কৃতিক সংস্থা, যি মুম্বাইত বসবাস কৰি থকা অসমৰ মানুহক ঐক্যবদ্ধ কৰি অসমীয়া কৃষ্টি-সংস্কৃতি পৰম্পৰাৰ চৰ্চা আৰু প্ৰসাৰৰ বাবে কাম কৰি আহিছে।অসমীয়া জাতিৰ পৰিচয় বহিঃৰাজ্যৰ মানুহৰ মাজত সঠিক আৰু সুচাৰুৰূপে দাঙি ধৰি জাতিৰ গৰিমা বঢ়াবলৈ নিৰলস প্ৰচেষ্টা কৰি আহিছে।গগণাই দৃঢ়ভাৱে বিশ্বাস কৰে যে ভিন ভিন জাতিৰ কলা সংস্কৃতিৰ সমন্বয় আৰু যৌথ প্ৰদৰ্শনৰ মাজেৰে বিভিন্ন সম্প্ৰদায়ৰ মাজত ভাতৃত্ববোধ, আৰু সাম্প্ৰদায়িক সম্প্ৰীতি কটকটীয়া কৰিব পাৰি। অসমৰ বাহিৰত জন্ম হৈ এক যৌথ সমাজ আৰু সাংস্কৃতিক পৰিবেশত ডাঙৰ দীঘল হোৱা আজিৰ উঠি অহা চামক নিজৰ জাতিৰ ইতিহাস আৰু সাংস্কৃতিক ধাৰাৰ সতে পৰিচয় কৰি দিয়াৰ দায়িত্ব গগণাই কান্ধ পাতি লৈছে। অসমৰ ভাষা, কলা সংস্কৃতিৰ চৰ্চা আৰু সাংস্কৃতিক কাৰ্যসূচীৰ জৰিয়তে মুম্বাইস্থিত অসমীয়া সকলক একতাৰ ডোলেৰে বান্ধি ৰাখিবলৈ গগণা মুম্বাইয়ে চেষ্টা কৰি আহিছে।গগণাৰ লক্ষ্য উদ্দেশ্য আগত ৰাখি এইবাৰ মুম্বাইত আমি এখন পূৰ্ণাঙ্গ ভাওনা কৰিবলৈ মনস্থ কৰিছে। অসমীয়া জাতিৰ ভেটি গঢ়ি যোৱা মহাপুৰুষ শংকৰদেৱৰ বিশাল ব্যক্তিত্ব, তেখেতৰ অমূল্য সৃষ্টিৰাজি, কালজয়ী সৃষ্টি, ‘ভাওনা’ আদিৰ সতে বহিঃৰাজ্যৰ মানুহৰ চিনাকি কৰি দিব খুজি অহা ৯ ডিচেম্বৰৰ দেওবাৰে ৪ বজাৰ পৰা মিৰা ৰোডত এখন ভাওনা পাতিবলৈ সাজু হৈছে। যোৰহাটৰ ‘জোনবিৰি সাংস্কৃতিক দল’ উক্ত ভাওনা খন কৰিবলৈ আমন্ত্ৰণ কৰা হৈছে।এই প্ৰয়াসত সকলো সংস্কৃতি প্ৰেমী ৰাইজৰ সহাঁৰি আৰু সমৰ্থন পাম বুলি আশা প্ৰকাশ কৰিছে।
Trending
- পশ্চিম গুৱাহাটীৰ সাংবাদিক জোন ৰাভাক শ্ৰেষ্ঠ সাংবাদিকতা বঁটা প্ৰদান
- বৈধ পৰিমাণ বিজ্ঞান বিভাগৰ মুখ্য কাৰ্যালয়-সহকাৰী নিয়ন্ত্ৰক কাৰ্যালয়ৰ উদ্যোগত সৰ্বভাৰতীয় জোখ-মাখ প্ৰচাৰ সপ্তাহৰ সামৰণি
- জিলা পৰ্যায়ৰ ক্ৰীড়া সমাৰোহৰ সফল সামৰণি-অনিল বৰা স্মৃতি যুৱ সংঘ আৰু পটুৱাকাটা মহিলা কাবাডী দ’ল ৰাজ্যিক পৰ্যায়ৰ ক্ৰীড়া সমাৰোহলৈ নিৰ্বাচিত
- প্ৰথম এন ডি আৰ এফ বেটেলিয়ানৰ বিংশতিতম প্ৰতিষ্ঠা দিৱস উদযাপন
- স্বাস্থ্য বিভাগৰ কাম-কাজৰ বিতং পৰ্যালোচনা মন্ত্ৰী অশোক সিংহলৰ
- শিল্পী দিৱসত কণ্ঠশিল্পী ৰঞ্জন বড়োক সম্বৰ্ধনা
- ৰাষ্ট্ৰীয় পথ-সুৰক্ষা মাহ উপলক্ষে আজি আৰ্য বিদ্যাপীঠ কলেজত পৰিবহণ বিভাগৰ বিশেষ সজাগতা অনুষ্ঠান
- টিকটবিহীন যাত্ৰীৰ পৰা ৯ মাহত ৪৮.১১ কোটিতকৈ অধিক টকাৰ জৰিমণা সংগ্ৰহ উত্তৰ পূব সীমান্ত ৰেলৱে কৰ্তৃপক্ষৰ
- বৈদেশিক ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ সপ্তাহযোৰা বিদেশ ভ্ৰমণ
- Road Show of Industry Minister Bimal Borah for Advantage Assam2. 0 in Dubai