শ্ৰী শ্ৰী  ঈশ্বৰীয় হাৰ্হি দেৱালয়ত  বিধায়ক বলীন চেতিয়াই আগবঢ়ালে শৰাই 

0 205

শাক্তধৰ্মী ভক্তপ্ৰাণ ৰাইজৰ প্ৰধান উপাস্য থলী ,  উত্তৰ অসমৰ প্ৰধান শক্তিপীঠ  ১৭২২ খ্ৰীষ্টাব্দত  ঢকুৱাখনা মহকুমাৰ দেউলিয়া গাঁওৰ ঢকুৱাখনা জানৰ সমীপত প্ৰাণ প্ৰতিষ্ঠা কৰা  শ্ৰী শ্ৰী ঈশ্বৰীয় হাৰ্হি দেৱালয়ত শনিবাৰে উপস্থিত হয় শদিয়া সমষ্টিৰ  বিধায়ক বলীন চেতিয়া ।  পুৱাই ঐতিহাসিক শক্তিপীঠখনত উপস্থিত হৈ পৰম্পৰাগত ধৰ্মীয় আচাৰ ৰীতিৰে কেঁচাই খাঁটি গোসাঁনীৰ শ্ৰী চৰণত শৰাই  আগবঢ়াই মনোকামনা সিদ্ধিৰ বাবে প্ৰাৰ্থনা জনায়।  বিধায়ক চেতিয়াই  ৰাজ্যখনৰ অন্যতম ঐতিহ্যবহণকাৰী  শক্তি পীঠখনত ধূপ বন্তি জ্বলাই নিজৰ মনোকামনাৰ লগতে শদিয়া বাসী আৰু অসমবাসীৰ সুখ শান্তি, উন্নয়ন শ্ৰী বৃদ্ধিৰ  বাবে গোসাঁনীৰ শ্ৰী চৰণত প্ৰণিপাত জনাই।  ঐতিহাসিক গোঁসানী থানখনৰ  পৰিচালনা সমিতিৰ লগতে পুৰোহিত সকলৰ লগত সৌহাদ্যপূৰ্ণ আলোচনা কৰি বিধায়ক চেতিয়াই  থানখন পৰ্যটনৰ থলী হিচাপে গঢ়ি তোলাৰ পোষকতা কৰে । শদিয়াৰ বিশিষ্ট সমাজ সংগঠক গুনীন চুতীয়াৰ  সৈতে  থানখনত উপস্থিত হোৱা বিধায়ক গৰাকীক সদৌ লখিমপুৰ জিলা চুতীয়া ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক নিপু বৰুৱা ,  ঢকুৱাখনা জিলা চুতীয়া  যুৱ সন্মিলনীৰ সভাপতি তথা  চুতীয়া উন্নয়ন পৰিষদৰ সদস্য কৌস্তভ কিশোৰ চুতীয়া ,  সম্পাদক অজিত বৰুৱা, উপ সভাপতি তিলেন দাস , চন্দ্ৰজিত শইকীয়া  আদিয়ে বিধায়ক চেতিয়াক  থানতে গামোচাৰ সম্বৰ্ধনা জনাই ইতিহাস প্ৰসিদ্ধ থানখনৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ ক্ষেত্ৰত  ৰাজনৈতিক হেঁচা প্ৰয়োগ কৰি  ৰাজ্যৰ পৰ্যটনৰ মানচিত্ৰত সংযোজিত কৰাৰ বাবে  ৰাজ্য চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ আহ্বান জনায় । তাৰোপৰি চুতীয়া জাতিৰ নেতৃবৰ্গই  একালৰ  চুতীয়া ৰাজ্যৰ ৰাজধানী  শদিয়া জিলাত অৱস্থিত  চুতীয়া জাতিৰ সকলো ঐতিহাসিক সম্পদ , পৌৰাণিক কীৰ্তি চিহ্ন সমূহ  উপযুক্ত সংৰক্ষণ কৰাৰ বাবে  চুতীয়া ছাত্ৰ সন্থা , যুৱ সন্মিলন আৰু উন্নয়ন পৰিষদে আহ্বান জনায় স্মাৰক পত্ৰ প্ৰদান কৰে । বিধায়ক চেতিয়াই এয়া তেওঁৰ এক সামাজিক দায়িত্ব বুলি মন্তব্য কৰি স্বাভিমানি জাতি চুতীয়া সকলৰ সম্ভ্ৰম স্বৰূপ এনেবোৰ  ইতিহাস বিজড়িত সম্পদ সংৰক্ষনেৰে উজ্জীৱিত কৰাত অনাগত সময়ত আৰু অধিক  মনোনিবেশ কৰিব বুলি নিশ্চয়তা প্ৰদান কৰে । 
বাতৰি যুগুতালে ঢকুৱাখনাৰপৰা অমৃত পৱন বৰাই

Leave A Reply

Your email address will not be published.