যুৱ শক্তি মহাশক্তি।যুৱশক্তিয়ে পৃথিৱী জিনিব পাৰে।আমি সকলোৱে হাতত হাত ধৰি আগুৱাই যাব লাগিব।এই মন্তব্য মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালৰ।খেল’ ইণ্ডিয়া অনুষ্ঠানৰ সামৰণি অনুষ্ঠানত এই মন্তব্য কৰি কয় যে খেলো ইণ্ডিয়াৰ জৰিয়তে অলিম্পিকলৈ বহু খেলুৱৈ যাবলৈ সক্ষম হ’ব।খেল’ ইণ্ডিয়া অনুষ্ঠান সাফল্যমণ্ডিত কৰি তোলাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে।আনহাতে খেল’ ইণ্ডিয়া সামৰণি অনুষ্ঠানত উপস্থিত থাকি বিত্ত মন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কয় যে ডিব্ৰুগড়ৰ চাবুৱাত ক্ৰীড়া বিশ্ববিদ্যালয় স্থাপনৰ কাম প্ৰায় সমাপন হোৱাৰ পথত।সৰুসজাঁইৰ আৰ্হিত ডিব্ৰুগড় আৰু লক্ষিমপুৰতো দুটা ক্ৰীড়া প্ৰকল্প নিৰ্মাণ কৰা হ’ব।উল্লেখযোগ্য যে খেল’ ইণ্ডিয়া য়ুথ গেমচত মুম্বাই,হাৰিয়ানা,দিল্লী স্থান লাভ কৰে।২১ বিধ খেলত প্ৰায় ৬১০০ খেলুৱৈ, প্ৰতিনিধিয়ে অংশগ্রহণ কৰিছিল।আজি সামৰণি অনুষ্ঠানত চীনৰ সমৰকলা প্ৰদৰ্শিত হয়।লগতে সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হয়।সামৰণি অনুষ্ঠানত স্পৰ্টচ অথৰিটী অফ ইণ্ডিয়াৰ বিভিন্ন বিষয় ববীয়াৰ লগতে ৰামেশ্বৰ তেলী উপস্থিত থাকে।
Trending
- স্বাস্থ্য মন্ত্ৰী অশোক সিংহলৰ চৰাইদেউ, নাজিৰা, শিৱসাগৰ আৰু ডিমৌৰ বানাক্ৰান্ত অঞ্চল, সাহায্য আৰু স্বাস্থ্য শিৱিৰ পৰিদৰ্শন
- ভূই ৰোৱা উৎসৱ পালন
- প্ৰতিবছৰে বানপানীয়ে কিয় জোকাৰি যায় অসমক, ইয়াৰ স্থায়ী সমাধান আছে নে
- মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ছ’চাইটি আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাজত বুজাবুজিৰ চুক্তি
- কৃষি বিজ্ঞান কেন্দ্র কামৰূপত নাচাৰ্ৰীৰ বৃত্তিমূলক পাঁচদিনীয়া প্রশিক্ষণ কাৰ্যসূচীৰ সামৰণি
- বোকাখাতৰ নুমলীগড়স্থিত বান সাহাৰ্য্য শিবিৰত আজি উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা
- Emergency Flood Preparedness Meeting Held in Kamrup
- ৰাজ্যৰ পাঁচ জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনা : গুণগত আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিতকৰণত গুৰুত্ব মন্ত্ৰী অশোক সিংহলৰ
- এয়াৰটেল হটস্পট সেৱাৰ গতি অব্যাহত
- Agriculture Minister Pijush Hazarika distributes MMUA cheques to 22,818 beneficiaries in Dhing