গুৱাহাটীৰ বৰবাৰীৰ সুদৰ্শনালয়ত শনিবাৰে বিয়লি এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক তথা সফুৰাৰ সম্পাদক ৰূপম বৰুৱাক ২০২৩ বৰ্ষৰ দেৱৰ্ষি নাৰদ জয়ন্তী বঁটা প্ৰদান কৰা হয়। এই বঁটাত আছে ৫০ হাজাৰ টকা, প্ৰশস্তি পত্ৰ, অংগবস্ত্ৰ, কিতাপৰ টোপোলা, ভাৰতমাতাৰ ছবি আদি৷ নাৰদ জয়ন্তী উপলক্ষে একেটা অনুষ্ঠানতে দৈনিক অসম কাকতৰ চীফ ৰিপোৰ্টাৰ জিতেন্দ্ৰ কুমাৰ চৌধুৰী, আমাৰ অসম কাকতৰ চীফ ৰিপৰ্টাৰ সাম্য ভৰদ্বাজ আৰু গুৱাহাটী দূৰদৰ্শনৰ জ্যেষ্ঠ ষ্টাফ ৰিপোৰ্টাৰ শেৱালি কলিতাক বিশেষভাবে সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়। বিশ্ব সংবাদ কেন্দ্র, অসমৰ উদ্যোগত অনুষ্ঠিত দেৱৰ্ষি নাৰদ জয়ন্তীত অনুষ্ঠানত মুখ্য বক্তা হিচাপে উপস্থিত থাকে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অখিল ভাৰতীয় সহ প্ৰচাৰ প্ৰমুখ নৰেন্দ্ৰ কুমাৰ। নিজৰ ভাষণত তেওঁ কয় – যুগল কিশোৰ শৰ্মাই কলকাতাৰ পৰা তাহানিতে নাৰদ জয়ন্তীত কাকত প্ৰকাশ বা দাদাচাহেব ফাল্কেই ৰজা হৰিশ্চন্দ্ৰ ছবি নিৰ্মাণ কৰি দেশাত্মবোধক জনজাগৰণলৈ পৰিণত কৰিছিলে৷ দেশৰ স্বাভিমান, ঐতিহ্য আৰু ভৱিষ্যৎ দৰ্শন সাংবাদিকতাৰ প্ৰতিভু।কোভিদ কালৰ সাংবাদিক সকলে সাহসীকতাৰে নিজৰ সেৱা আগবঢ়াই সাহসৰ প্ৰতীক হৈ পৰিছে। নেতিবাচক বাতৰিক সমাজে সদায় নাকচ কৰি আহিছে। নাৰদ জয়ন্তী বঁটা গ্ৰহণ কৰি বিশিষ্ট সাংবাদিক ৰূপম বৰুৱাই কয়- সৰস্বতী বঁটা- অৰ্জুন বঁটা বা ইউৰোপৰ হাৰকিউলিচ, অলিম্পিক খেল আদিয়ে একোটা সাংস্কৃতিক ঐতিহ্য বহন কৰি আহিছে৷ অনুষ্ঠানত গুৰুপ্ৰসাদ মেধি, কিশোৰ শিৱম, নৱ ঠাকুৰীয়া, উৎপল দত্ত আদি বিশ্ব সংবাদ কেন্দ্ৰ (অসম)ৰ দায়িত্ববাহী সকল উপস্থিত থাকে৷ সভাৰ আৰম্ভণিতে ভাৰত মাতা আৰু দেৱৰ্ষি নাৰদৰ প্ৰতিমূৰ্ত্তিৰ সন্মুখত বন্তি প্ৰজ্জ্বলন কৰা হয়। অনুষ্ঠানত নাৰদ প্ৰশস্তি পৰিবেশন কৰে শিল্পী শৰৎ ৰাগে৷ উল্লেখ্য যে বিশ্বৰ প্ৰথমগৰাকী সাংবাদিক দেৱৰ্ষি নাৰদে সমাজক সজাগ সচেতন কৰাৰ ক্ষেত্ৰত মুখ্য ভুমিকা গ্ৰহণ কৰিছিল ৷ এনে এক ভাবাদর্শৰে বিশ্ব সংবাদ কেন্দ্র, অসমে প্ৰতিবছৰে দেৱৰ্ষি নাৰদ জয়ন্তী উদযাপন কৰি এক বক্তৃতানুষ্ঠান আৰু বঁটা তথা সম্বৰ্দ্ধনা অনুষ্ঠান প্ৰতিবছৰে অনুষ্ঠিত কৰি আহিছে৷
Trending
- সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাৰ সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ ৮২সংখ্যক কেন্দ্ৰীয় অধিৱেশনত অংশগ্ৰহণ
- সৰুসজাই ষ্টেডিয়ামত ১১হেজাৰ শিল্পীয়ে পৰিবেশন কৰিব বড়ো লোক নৃত্যানুষ্ঠান ‘বাগৰুম্বা দ’হৌ
- আই আই টি গুৱাহাটী আৰু বালিপাৰা ফাউণ্ডেচনৰ মাজত বুজাবুজি চুক্তি-পূৱ হিমালয়ৰ পৰিৱেশ সংৰক্ষণ, শক্তি আৰু জল সুৰক্ষাৰ বাবে নতুন উদ্ভাৱন নীতিত কাম কৰাৰ লক্ষ্য
- স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি সন্দৰ্ভত কামৰূপ (ম)জিলা প্ৰশাসনৰ সভা
- টপচেম চিমেণ্ট আৰু ভাৰতীয় ৰেডক্ৰচ ছছাইটিয়ে যৌথভাবে ৰক্তদান শিবিৰ আয়োজন
- এইচডিএফচি বেংকে এপিকে জালিয়াতিৰ বিৰুদ্ধে নাগৰিক সুৰক্ষাৰ বাবে গুৰুত্বপূৰ্ণ সতৰ্কবাণী জাৰি কৰিছে
- ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈক সশ্ৰদ্ধ স্মৰণ কামৰূপ (ম) জিলা প্ৰশাসনৰ
- NSE CROSSES 230 MILLION INVESTOR ACCOUNTS, RETAIL PARTICIPATION SOARS
- উৰিয়ামঘাটৰ ৰেঙমা জলসিঞ্চন আঁচনি পৰ্যবেক্ষণ মন্ত্ৰী অশোক সিংহলৰ
- চি আৰ পি এফৰ মুখ্য কাৰ্যালয়ত মা কামাখ্যাৰ ফটো সযতনে ৰাখিছে সঞ্চালক প্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙে, গুৱাহাটীৰ আৰক্ষী আয়ুক্ত ডঃ পাৰ্থ সাৰথি মহন্তৰ পৰা বুজ অসমৰ পৰিস্থিতি