ৰঙা বাও চাউলে অচিৰেই চিমলা বজাৰ দখল কৰিব

0 230

 
ধেমাজি জিলাৰ ৰঙা বাও চাউল হিমাচল প্ৰদেশৰ চিমলা বজাৰত উপলব্ধ হ’ব।ধেমাজিৰ প্ৰায় ১৯ খন গাঁৱত উৎপাদিত ৰঙা বাও চাউল চিমলালৈ ৰপ্তানি হ’ব।জানিব পৰা মতে প্ৰথম মাহত পঞ্চাশ কুইন্টল আৰু পৰৱৰ্তী মাহত দুশ কুইন্টলকে হিমাচলৰ চিমলালৈ যাব।ইতিমধ্যে চাউলৰ বস্তাৰ পেকেজিঙৰ কাম চলি আছে।পশ্চিম ধেমাজিৰ লাখটকীয়া দলনি কৃষি আত্মসহায়ক গোটৰ পৰা হিমাচল প্ৰদেশৰ বি প্ৰকাশ বালাটো নামৰ ব্যৱসায়ীজনে এই চাউল ক্ৰয় কৰিছে।যি সময়ত অসমত পাঞ্জাৱ,হাৰিয়ানাৰ চাউলে বজাৰ দখল কৰিছে,সেই সময়ত বানে গৰকা ধেমাজিৰ কৃষকলৈ এনে খবৰে আশাৰ ৰেঙনি কঢ়িয়াইছে।সহযোগ কৰিলে ধেমাজিৰ পৰা বিজন শৰ্মাই।

Leave A Reply

Your email address will not be published.