ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন

0 247

বিজ্ঞানত প্ৰথম নবেল বটা লাভ কৰা ভাৰতীয় মহান বিজ্ঞানী চন্দ্ৰশেখৰ ভেঙ্কট্ ৰমনে আজিৰ দিনতে Ramen Effect ৰ আৱিস্কাৰ কৰাৰ বাবে আজিৰ দিনটো ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে পালন কৰা হয়।
এই উপলক্ষে দক্ষিণ কামৰূপৰ শিক্ষাৰ প্ৰাণ কেন্দ্ৰ স্বৰূপ মিৰ্জাৰ অন্যতম শিক্ষা প্ৰতিষ্ঠান অসম জাতীয় বিদ্যালয়ে মহান ব্যক্তিগৰাকীক স্মৰণ কৰি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন কৰে। উক্ত দিৱসৰ লগত সংগতি ৰাখি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা বৈজ্ঞানীক পদ্ধতিৰে সামাজিক, প্ৰাকৃতিক, সৌৰজগত, বনবিভাগ আদিকে ধৰি বিভিন্ন পৰিবেশৰ ওপৰত প্ৰস্তুত কৰি উলিওৱা সামগ্ৰীৰ ওপৰত এখনী বিজ্ঞান প্ৰদৰ্শনী অনুষ্ঠিত কৰে।
অনুষ্ঠানত বিদ্যালয়ৰ প্ৰধান শিক্ষক বিনন্দ স্বৰ্গিয়াৰী আৰু জ্যোতিৰ্ময় চৌধুৰী উপস্থিত থাকি বিদ্যালয়খন ২০০১ চনতে স্থাপিত হোৱাৰে পৰা শৈক্ষিক দিশত বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে যদিও বিজ্ঞান সন্মতভাৱে এনেধৰণৰ অনুষ্ঠান এইবেলি দ্বিতীয় বাৰৰ বাবে অনুষ্ঠিত কৰিছে। ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ প্ৰদৰ্শনীত ছাত্ৰ-ছাত্ৰীসকলৰ উৎসাহ দেখি আনন্দ প্ৰকাশ কৰাৰ লগতে অনুষ্ঠানটোত সহযোগিতা কৰা বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলক ধন্যবাদ জ্ঞাপন কৰে। সহ: শিক্ষক মদন চৌধুৰীয়ে আঁত ধৰা অনুষ্ঠানত বিদ্যালয় পৰিচালনা সমিতিৰ সভানেত্ৰী দিপালী চৌধুৰী, শিক্ষক , সমুদ্ৰ দাস, সাংবাদিক ধৰ্মেন্দ্ৰ দাস, বিকাশ দাস, জীতুমণী দাস, শিক্ষক শিক্ষয়িত্ৰী সকলৰ লগতে ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.