পৰ্যটকৰ বাবে মুকলি হ’ল হাতী ছাফাৰী

0 201

আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিশ্বৰ পৰ্যটকৰ বাবে হাতী ছাফাৰী মুকলি হয়।ক’ভিড ১৯ সংক্ৰমণ প্ৰতিৰোধৰ বিভাগীয় প্ৰট’কল মানি কঁহৰা বনাঞ্চলৰ মিহিমুখত আৰম্ভ কৰা হাতী ছাফাৰী উদ্বোধনী অনুষ্ঠানত নাৰিকল ভাঙে ডি এফ অ’ ৰমেশ গগৈয়ে আৰু ফিটা কাটে ৰাষ্ট্ৰীয় উদ্যান খনৰ সঞ্চালক পি শিৱকুমাৰে।
 
 
উদ্বোধনৰ পাছতেই বিভাগীয় হাতীৰে পৰ্যটকক ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰোৱা হয়।প্ৰথম দিনৰ হাতী ছাফাৰী কৰা পৰ্যটকৰ বেছি ভাগেই বৰ্হি ৰাজ্যৰ বুলি জানিব পৰা গৈছে। যোৱা ২১ অক্টোবৰত ৰাষ্ট্ৰীয় উদ্যানখনত জীপ ছাফাৰী আৰম্ভ হোৱাৰ পাছত ইতিমধ্যেই প্ৰায় ৩০০০ পৰ্যটকে ৰাষ্ট্ৰীয় উদ্যান খন দৰ্শন কৰিছে।উল্লেখযোগ্য টে ১৯৩৮ চনৰ প্ৰথম বাৰৰ বাবে বিশ্বৰ পৰ্যটকৰ বাবে মুকলি কৰা হৈছে।

Leave A Reply

Your email address will not be published.