বিভিন্ন সামাজিক কাম কৰি অহা কেইজনমান পূৱ কামৰূপ মহাবিদ্যালয়ৰ প্ৰাক্তন তথা অধ্যয়নৰত ছাত্র-ছাত্রীসকলৰ শিক্ষাৰ্থীয়ে “মিছন স্মাইল” শীৰ্ষক এক অভিযানৰ জৰিয়তে দেওবাৰে দৰিদ্ৰসকলৰ মাজত গৰম কাপোৰ বিতৰণ কৰে ।উল্লেখ কৰিব পাৰি যে বিভিন্ন সময়ত বিভিন্ন জনক পুৰণি কিন্তু ব্যৱহাৰৰ যোগ্য কাপোৰৰ বাবে আহ্বান জনাই আহিছিল ছাত্ৰ-ছাত্ৰীসকলে। বিভিন্নজনৰ সংগ্ৰহ হোৱা এই কাপোৰসমূহ আঠগাঁও ৰে’ললাইনৰ দুয়োপাৰে থকা বস্তিঅঞ্চলৰ লগতে শুক্ৰেশ্বৰ ঘাটত থকা আৰ্তসকলৰ মাজত দেওবাৰে বিতৰণ কৰে।এই অভিযানত ভাগ লয় পূৱ কামৰূপ মহাবিদ্যালয়ৰ অধ্যাপক ক্ৰমে ড° কমল শৰ্মা আৰু মঃ আয়েজ আলীৰ লগতে মহাবিদ্যালয় ছপাশালৰ কম্পিউটাৰ অপাৰেটৰ নিপজ্যোতি ডেকাৰ লগতে শিক্ষাৰ্থী ক্ৰমে জোনাক প্ৰিয়ম কাশ্যপ, দীপশিখা ডেকা,নয়নমনি ডেকা,আমিনুল হক,জ্ঞানপ্ৰতিম দেৱ শৰ্মা,তৃষ্ণাবড়ো,মধুস্মিতা ডেকা,বৰষা ডেকা,চানচুমা বড়ো,প্ৰিয়ম ডেকাই।
Trending
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ