অগ্ৰণী চিমেণ্ট প্ৰতিষ্ঠান টপচেম চিমেণ্টে শৌচাগাৰ ব্লক নিৰ্মাণত সহযোগিতা আগবঢ়াইছে

0 258

অগ্ৰণীয় চিমেণ্ট প্ৰতিষ্ঠান টপচেম চিমেণ্টে সামাজিক দায়বদ্ধতা কাৰ্যসূচী অংশস্বৰূপে গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ এইচ এছ আৰু এল পি স্কুলত এটা শৌচাগাৰ ব্লক নিৰ্মাণ কৰাত সহযোগিতা আগবঢ়াইছে। বিদ্যালয়খনত শৌচাগাৰটো ৰটাৰী ক্লাবৰ গুৱাহাটী লুইটছ ফ্লেগশ্বিপ প্ৰজেক্ট #ISupportHer ৰ উদ্যোগত নিৰ্মাণ কৰা হৈছে। এটা শৌচাগাৰ নিৰ্মাণ কৰা হৈছে ছাত্ৰী সকলৰ বাবে আৰু আনটো ছাত্ৰসকলৰ বাবে।
টপচেম চিমেণ্ট লিমিটেডৰ অধ্যক্ষ ড০ অনিল কাপুৰে এই সম্পৰ্কত কয় যে প্ৰতিখন সমাজে নিজকে স্বাস্থ্যকৰ কৰি ৰাখিবৰ বাবে সঠিক পৰিস্কাৰ পৰিচ্ছন্নতা বজাই ৰখা প্ৰয়োজন। লগতে কয় যে এই কাৰ্যত ৰটাৰী ক্লাব আৰু গুৱাহাটী লুইটৰ প্ৰজেক্টৰ সৈতে জড়িত হৈ ভাল লাগিছে। এই প্ৰজেক্টটোৰ প্ৰতিষ্ঠানটোৰ সকলো ছাত্ৰছাত্ৰী উপকৃত হ’ব।
শৌচাগাৰ মুকলি অনুষ্ঠানত ৰটাৰীয়ান হিচাপে উপস্থিত আছিল ৰটাৰী ক্লাৱৰ সভাপতি ৰাজীৱ ঠাকুৰ,ৰাজীৱ জৈন আৰু অনান্য জ্যেষ্ঠ সদস্য সকল।

Leave A Reply

Your email address will not be published.