চীনৰ য়ুহান চহৰৰ পৰা সৃষ্টি হোৱা ক’ৰণা ভাইৰাছে সমগ্ৰ বিশ্বকে তচনচ কৰিছে। এতিয়ালৈকে বিশ্বৰ ৮০ খন দেশত ক’ৰণা ভাইৰাছত বিয়পাৰ লগতে ২ লাখৰো অধিক লোক ক’ৰণা ভাইৰাছত আক্ৰান্ত হৈছে। শুনি আচৰিত হ’ব যে আজিৰ পৰা ৮ বছৰ আগতে মাৰ্কো আকোৰটে নামৰ এজন ব্যক্তিয়ে ক’ৰণা ভাইৰাছৰ ভৱিষ্যতবাণী কৰিছিল। সেই ভৱিষ্যতবাণী তেওঁ কোনো ব্যক্তিগতভাৱে কৰা নাছিল, সেই ভৱিষ্যতবাণী চচিয়েল মেডিয়াত কৰিছিল। জানিব পৰা মতে মাৰ্কোই ২০১৩ চনৰ ৩ জুন তাৰিখে টুইট কৰিছিল- ”কৰোণা ভাইৰাচ… আহি আছে!” যিটো টুইট প্ৰায় ১ লাখৰ অধিক লোকে লাইক কৰিছে আৰু বিভিন্ন জনে চেয়াৰ কৰিছে। কিন্তু আচৰিত কথা, সেই টুইটটোৱে সেই সময়ত বৰ বিশেষ এটা জনপ্ৰিয়তা লাভ নকৰিলেও বৰ্তমান সময়ত সেই টুইটো পঢ়ি সকলোৱে বিষ্ময় মানিছে। উল্লেখযোগ্য যে এই ব্যক্তিজনে ২০১৬ চনৰ পৰা টুইটাৰত কোনো ধৰণৰ প’ষ্ট কৰা নাই। মাৰ্কোৰ শেষ পোষ্টটো আছিল এটা স্মাইলী, ই যেন এটা স্পষ্ট ইংগিত প্ৰদৰ্শন কৰিছে! কিন্তু মাৰ্কোৰ এই বিশেষ টুইটোৱে এতিয়া সমগ্ৰ বিশ্বতে এতিয়া বেচ চৰ্চিত হৈ পৰিছে, কিয়নো ৮ বছৰ পূৰ্বেই কিদৰে মাৰ্কোই ভৱিষ্যতবাণী কৰিছিল সেইয়া আজিও ৰহস্য হৈ আছে।
Trending
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ