উদ্যোগ আৰু বাণিজ্য বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই

0 210

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি জনতা ভৱনস্থিত নিজ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এক বৈঠকত উদ্যোগ আৰু বাণিজ্য বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰে।ৰাজ্য খনৰ ঔদ্যোগিক দৃশ্যপটক অধিক উজ্জীৱিত কৰি তোলাৰ বাবে অনতিপলমে কেতবোৰ সক্ৰিয় পদক্ষেপ গ্ৰহণৰ বাবে তেওঁ বিভাগটোৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীক পৰামৰ্শ আগবঢ়াই।
বিভাগটোৰ দ্বাৰা ৰূপায়িত বিভিন্ন আঁচনিৰ পৰ্যালোচনা কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদনৰ ৩৯ শতাংশ অৰিহণা আগবঢ়োৱা উদ্যোগ খণ্ডক এক নতুন গতি প্ৰদান কৰাৰ বাবে ষ্টাৰ্ট আপ, ইজ অৱ ডুইং বিজনেছ আদিৰ দৰে বিশেষ ক্ষেত্ৰত সমূহত আমি অধিক গুৰুত্বপূৰ্ণ আৰোপ কৰিব লাগিব।তেওঁ কয় যে ৰাজ্যৰ উদ্যোগী সকলৰ আস্থা আৰু মনোবল শক্তিশালী কৰি তোলাৰ বাবে বিভাগটোৱে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিব লাগিব।উত্তৰ পূব ঔদ্যোগিক উন্নয়ন আঁচনিৰ অধীনত বিভিন্ন প্ৰকল্প গ্ৰহণৰ বাবে আগ্ৰহী সকলে দাখিল কৰা প্ৰস্তাৱ সমূহ অতি শীঘ্ৰে নিষ্পত্তি ব্যৱস্থা কৰিবলৈ উদ্যোগৰ আৰু বাণিজ্য বিভাগৰ প্ৰধান সচিব কে কে দ্বিবেদীক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে।
ৰাজ্য খনৰ ঔদ্যোগিক ব্যৱস্থাৰ বাবে উপযোগী ভূমিৰ পৰিমাণৰ বুজ লৈ মুখ্যমন্ত্ৰীয়ে এনেদৰে পৰি থকা ভূমি সমূহক উদ্যোগ আৰু বাণিজ্য বিভাগৰ জৰিয়তে বাণিজ্যিক ব্যৱস্থাৰৰ বাবে এক পৰিকল্পনা যুগুত কৰিবলৈ বিভাগটোৰ প্ৰধান সচিব গৰাকীক নিৰ্দেশ দিয়ে।ইজ অব ডুইং বিজনেজৰ নীতি নিৰ্দেশনা সমূহ সুশৃংখলিতকৰণ দিশটো তেওঁ বিশেষ গুৰুত্ব আৰোপ কৰে।ৰাজ্য খনত চাহিদাৰ ওপৰত নিৰ্ভৰশীল এক ঔদ্যোগিক বাতাবৰণ গঢ়ি তুলিবলৈ তেওঁ বিভাগটোক নিৰ্দেশ দিয়ে।আনহাতে ৰাজ্য খনত সাঁচি,চন্দন আদিৰ দৰে মূল্যৱান গছৰ বাণিজ্যিক বৃক্ষৰোপন অভিযান আকাৰে আৰম্ভ কৰাৰ বাবে এক বিস্তৃত পৰিকল্পনা গ্ৰহণও পোষকতা কৰে।কাৰ্বিআংলং আৰু ডিমা হাচাও জিলাত উপলব্ধ বিশাল ভূমি খণ্ডক এই গছ সমূহৰ বাণিজ্যিক খেতিৰ বাবে উপযুক্ত স্থান হিচাপে ব্যৱহাৰ কৰিবলৈ তেওঁ উদ্যোগ আৰু বাণিজ্য বিভাগক পৰামৰ্শ আগবঢ়াই।আনহাতে প্লাইউড তৈয়াৰ কৰাৰ বাবে ব্ৰক্ষ্মপুত্ৰৰ দুয়োপাৰে প্ৰয়োজনীয় গছৰ খেতি কৰাৰ পদক্ষেপ লবলৈও তেওঁ বিভাগটোক নিৰ্দেশ দিয়ে।
আজি বৈঠকত উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা,উদ্যোগ আৰু বাণিজ্য বিভাগৰ প্ৰধান সচিব কে কে দ্বিবেদীৰ লগতে অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.