কৃষিপাম আৰু পশুপালন খণ্ডৰ প্ৰতি যুৱ চামক অধিক আকৰ্ষিত কৰা পদক্ষেপ ল’বলৈ মুখ্যমন্ত্ৰীৰ আহ্বান

0 253

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে আজি খানাপাৰাৰ পশুপালন আৰু পশুচিকিৎসা বিভাগৰ বিষয়ৰ প্ৰশিক্ষণ প্ৰতিষ্ঠানত অনুষ্ঠিত এক অনুষ্ঠানত ৰাষ্ট্ৰীয় পশুৰোগ নিয়ন্ত্ৰণ আঁচনিৰ অধীনত পশুধনৰ চবকা আৰু ব্ৰুছেল চিছ ৰোগৰ প্ৰথম পৰ্যায়ত প্ৰতিষেধক প্ৰদান অভিযানৰ আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে । উল্লেখ্য যে ৰাষ্ট্ৰীয় পশুৰোগ নিয়ন্ত্ৰণ আচনীখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৯ বৰ্ষৰ ছেপ্টেম্বৰ মাহত শুভ উদ্বোধন কৰিছিল।এই আঁচনিৰ জড়িয়তে গৰু,ম’হ ,ভেৰা ,ছাগলী আৰু গাহৰিৰ লেখীয়া পশুধনসমূহক চবকা আৰু ব্ৰুছেলচিছ নামৰ দুবিধ মাৰাত্মক ৰোগৰ প্ৰতিষেধক প্ৰদানেৰে ২০২৫ চনৰ ভিতৰত এই দুবিধ ৰোগ নিয়ন্ত্ৰণ তথা ২০৩০ চনৰ ভিতৰত এইৰোগ সম্পূৰ্নৰূপে নিৰ্মূল কৰাৰ লক্ষ্য লোৱা হৈছে।এই কাৰ্যসূচী জৰিয়তে ৫০০ মিলিয়ন পশুধনক চৰকাৰ প্ৰতিষেধক আৰু ৩৬ মিলিয়ন পশুধনক ব্ৰুছেলচিছ ৰোগৰ প্ৰতিষেধক প্ৰদানৰ লক্ষ্য লোৱা হৈছে।
 
এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যখনত পশুপালক সকলক উৎসাহিত কৰাৰ দিশত পশুপালন আৰু পশুচিকিৎসা বিভাগৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে।যাতে পশুপালক সকলে এই খণ্ডই বহন কৰা সম্ভাৱনীয়তাখিনি পূৰ্ণ প্ৰয়োগেৰে ৰাজ্য গ্রাম্যঞ্চলৰ অৰ্থনীতি টনকিয়াল কৰাৰ দিশত বিশেষ ভূমিকা পালন কৰিব পাৰে।মুখ্যমন্ত্ৰীয়ে পশুচিকিৎসা তথা বিভাগৰ অন্যান্য বিষয়ববীয়া সকলক তেওঁলোকৰ চাকৰিক কেৱল সাধাৰণ চৰকাৰী চাকৰি হিচাপে গণ্য নকৰি পশুপালক সকলক নিয়মীয়াকৈ সাক্ষাৎ কৰি তেওঁলোকক প্ৰত্যাহ্বান তথা সমস্যাসমূহ নিৰাময়ৰ দিশত হাতে কামে অৱতীৰ্ণ হোৱাৰ বাবে আহ্বান জনায়।
 
 
ভিয়েটনামৰ লেখীয়া সৰু দেশ এখনে কৃষিজাত সামগ্ৰী আৰু পশুধনৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ মূল্য সংযোজনেৰে কেইবা মিলিয়াম ডলাৰ অৰ্জন কৰিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে ৰাজ্য খনৰ পশুধন তথা হাঁহ কুকুৰা ইত্যাদি লেখীয়া সামগ্ৰীৰ দিশত আত্মনিৰশীল হোৱাৰ বাবে পশুধন বিভাগৰ বিষয়াসকলক ঐক্লান্তিকতা তথা নিষ্ঠা সহকাৰে কৰ্মত ব্ৰতী হোৱাৰ বাবে আহ্বান জনায়।পশুধনৰ দ্বাৰা উৎপাদিত সামগ্ৰী যাতে দেশৰ অন্যান্য ৰাজ্য তথা ৰাষ্ট্ৰলৈ ৰপ্তানি কৰিব পৰা যায় সেই দিশত পশুপালক সকলক উপযুক্ত সহায়ৰ হাত আগবঢ়োৱা বাবেও আহ্বান জনায়।
 
 
ৰাজ্য খনৰ কৃষকৰ উৎপাদিত সামগ্ৰী বৰ্তমান ডুবাই,আবুধাৱী ,চিংগাপুৰ, হংকং ইত্যাদি দৰে ৰাজ্যলৈ ৰপ্তানি হয় বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ যুৱ চামক কৃষি তথা ইয়াৰ আনুষংগিক খণ্ডক এক মৰ্যাদা সম্পন্ন বৃত্তি হিচাপে গ্ৰহণ কৰাৰ দিশত অনুপ্ৰাণিত কৰাৰ বাবেও আহ্বান জনায়।
 
 
উৎপাদন বৃদ্ধিৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তি প্ৰয়োগৰ ওপৰতো মুখ্যমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২২ চনৰ ভিতৰত দেশৰ কৃষকৰ আয় দুগুনলৈ বৃদ্ধি কৰাৰ বাবে লোৱা লক্ষ্য পুৰণৰ দিশত সহায়ক হোৱাকৈ ৰাজ্য চৰকাৰেও কৃষি তথা ইয়াৰ অনুষাংগিক খণ্ডত লোৱা সবল পদক্ষেপ সমূহৰ বিষয়েও ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।এই দিশত মুখ্যমন্ত্ৰীয়ে কৃষি যান্ত্ৰিকীকৰণৰ সুবিধা হোৱাকৈ ৰাজ্য খনৰ ২৬ হাজাৰখন গাঁৱলৈ গ্ৰাম্য উন্নয়ন যোজনা জৰিয়তে টেক্টৰ বিতৰণৰ কথাও উল্লেখ কৰে।পশুধনৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ ৰপ্তানিৰ দিশত ৰাজ্যখনৰ বিশেষ সম্ভাৱনীয়তা বহন কৰিছে বুলি উল্লেখ কৰি বজাৰত ইয়াৰ চাহিদা তথা যোগানৰ এম ফলপ্ৰসু জৰীপ কাৰ্য চলোৱা ওপৰতো গুৰুত্ব আৰোপ কৰে।

Leave A Reply

Your email address will not be published.