জামুগুৰিহাটত বিৰল প্ৰজাতিৰ কাছ উদ্ধাৰ

0 185

শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ টলকাবাৰী মধুপুৰ গাঁৱত আজি ৰাতিপুৱা বিৰল প্ৰজাতিৰ এটি কাছ উদ্ধাৰ হয়।জানিব পৰা মতে টলকাবাৰী মধুপুৰ গাঁৱৰ প্ৰয়াত ৰাজীৱ ভূঞাৰ ঘৰৰ আগফালৰ চোতালত পুৱা এই বিৰল প্ৰজাতিৰ কাছটো ঘুৰি ফুৰা প্ৰত্যক্ষ কৰে প্ৰয়াত ৰাজীৱ ভূঞাৰ বৰপুত্ৰ ভৈৰৱ জ্যোতি ভূঞাই। ভৈৰৱ জ্যোতিয়ে কাছটো এনেদৰে চোতালত ঘুৰি ফুৰা প্ৰত্যক্ষ কৰি তেওঁ লগে লগে পৰিয়ালৰ আন সকলো লোক অৱগত কৰাৰ পিছত পৰিয়ালৰ ফালৰপৰা জামুগুৰিহাটৰ কুসুমটোলাস্হ বন বিভাগক জনায়। সন্ধিয়া বিভাগৰ লোক অহাত বন বিভাগক কাছটো চমজাই দিয়ে।
বাতৰি যুগুতালে ৰাতুল হাজৰিকাই

Leave A Reply

Your email address will not be published.