৭৫ তম স্বাধীনতা দিৱস উলপক্ষে আয়ুষ্মান ভাৰত:প্ৰধান মন্ত্ৰী জন আৰোগ্য যোজনাৰ যোগেদি অনবদ্য অৱদানৰ স্বীকৃতি স্বৰূপে অসম চৰকাৰে কামৰূপ জিলাৰ ব্যক্তিগত খণ্ডৰ হাস্পতাল জিএনআৰচি মেডিকেল লৈ আগবঢ়াইছে বিশেষ প্ৰশংসা পত্ৰ।অসমৰ দুখীয়া জনসাধাৰণৰক নগদ ধন নোলোৱাকৈ চিকিৎসা সেৱা আগবঢ়োৱাৰ উদ্দেশ্যে ২০১৮ চনৰ পৰা প্ৰধানমন্ত্ৰী জন আৰোগ্য আঁচনিৰ ৰাজ্য চৰকাৰে প্ৰৱৰ্তন কৰিছে।এই পৰ্যন্ত জিএনআৰচিয়ে প্ৰায় ১৩ হাজাৰতকৈ অধিক ব্যক্তিক এই আঁচনিৰ অধীনত চিকিৎসা সেৱা আগবঢ়াবলৈ সক্ষম হৈছে।দুখীয়া জনসাধাৰণৰক উচ্চ চিকিৎসা প্ৰদানেৰে এখন স্বাস্থ্যৱান সমাজ গঢ়ি তোলাৰ জিএনআৰচিৰ সকলোৰে বাবে স্বাস্থ্য ,সকলোৰে মুখত হাঁহি বিৰিঙাৰ যি লক্ষ্য সাফল্যমণ্ডিত কৰি তোলাত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাই বিশেষ অৰিহণা যোগাইছিল।পুৰস্কাৰ লাভ কৰি জিএনআৰচি হাস্পতাল আৰু ব্যয় সাধ্য স্বাস্থ্য আঁচনিৰ প্ৰতিষ্ঠাতা ডাঃ নোমল চন্দ্ৰ বৰাই অসম চৰকাৰক ধন্যবাদ জনোৱা লগতে ভৱিষ্যতলৈ এনে সেৱাৰ এখন সুস্বাস্থ্যবান সমাজ গঢ়াৰ প্ৰয়াস চলাই যাব বুলিও জনায়।
Trending
- দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্রহণ সম্পন্ন
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন