বিশ্বনাথ জিলাৰ অন্তৰ্গত ইটাখোলাৰ নিকটৱৰ্তী খেলা হাটিঙাত বৰদিন উদযাপন

0 220

সমগ্ৰ দেশজুৰি আজি উদযাপন হৈছে পবিত্ৰ বৰদিন, ইয়াৰ সমান্তৰালভাৱে আজি জামুগুৰিহাটৰ অন্তৰ্গত বিভিন্ন গীৰ্জা সমূহত পৰম্পৰাগত ভাবে পালন কৰা হৈছে বৰদিন। বিশ্বনাথ জিলাৰ অন্তৰ্গত ইটাখোলাৰ নিকটৱৰ্তী গেলা হাটিঙাৰ অধীনস্থ বিভিন্ন গীৰ্জা ঘৰ সমূহ সজাই পৰাই আজি পুৱাৰে পৰা ভিন্ন কাৰ্য সূচীৰে খ্ৰীষ্ট ধৰ্মী লোকসকলে অতি আনন্দৰে প্ৰাৰ্থনা সভাত উপস্থিত হৈ প্ৰভূ যীশুৰ বাণী হৃদয়তলৈ যীশুক স্মৰণ কৰে। ইয়াৰ পিছত সমাজৰ সকলো শ্ৰেণীৰ লোকে এক লগ হৈ তৃপ্তিৰে এসাজ খাই আনন্দত আত্মহাৰা হৈ নাচ গান কৰি ইজনে সিজনক অভিনন্দন জনায় ।
বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই

Leave A Reply

Your email address will not be published.