যোৰহাটত ১০ খন অট’ এম্বুলেন্স মুকলি

0 195

যোৰহাটবাসীলৈ সুখবৰ।যোৰহাট প্ৰশাসনে লৈছে এক প্ৰশংসনীয় পদক্ষেপ।যোৰহাটৰ ক’ভিড আক্রান্ত সকলৰ বাবে মুকলি কৰা হৈছে ১০ খনকৈ এম্বুলেন্স।ৰাইজৰ সেৱা বাবে মুকলি কৰা হৈছে ৱেবচাইট।যোৰহাট জিলাখনত ক’ভিড ৰোগী আৰু আত্মীয় সুবিধাৰ বাবে জিলা প্ৰশাসনে মুকলি কৰিছে ১০ খন অট’ এম্বুলেন্স মুকলি কৰে। বিভিন্ন ক’ভিড চেণ্টাৰত পজিটিভ ৰোগী ওলালে তেওঁলোকক চিকিৎসাললৈ বা ঘৰলৈ নিয়া বাবে ব্যৱহাৰ হ’ব।ৰোগীয়ে এই সুবিধা সমূহ বিনামূলীয়াকৈ লাভ কৰিব পাৰিব । এই সেৱা সমূহ আনুষ্ঠানিক ভাৱে মুকলি কৰিছে ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে।লগতে ক’ভিড সম্পৰ্কীয় যিকোনো তথ্য ঘৰতে থাকি লাভ কৰা,ঘৰতে থাকি বজাৰ কৰা ২৪ ঘণ্টা এম্বুলেন্স সেৱা লাভ কৰিবলৈ এক ৱেবচাইট মুকলি কৰিছে। ৱেবচাইট নাম হৈছে covid-19 jorhat.in এই ৱেবচাইট ম`বাইলত ডাউনলড কৰি এই সুবিধা লাভ কৰিব পাৰিব যোৰহাটবাসীয়ে।এই কথা ঘোষণা কৰিছে কামাখ্যা প্ৰসাদ তাছা আৰু হিতেন্দ্ৰ নাথ গোস্বামীয়ে।

Leave A Reply

Your email address will not be published.