গোৱা চহৰত যোৱা ২৭, ২৮ আৰু ২৯ আগষ্টত ৰাষ্ট্ৰীয় চিনিয়ৰ আৰু মাষ্টাৰ কিক বক্সিং প্ৰতিযোগিতা অনুষ্ঠিত হয়৷ উক্ত খেলত ভাৰতৰ আটাইকেইখন ৰাজ্যৰ ৬০০ খেলুৱৈয়ে অংশগ্ৰহণ কৰে৷ অসমৰহৈ হিৰণ্য বৰুৱাৰ নেতৃত্বত ১৬০ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰে। অলপতে হৈ যোৱা টকিঅ’ অলিম্পিক খেলত এই কিক বক্সিং খেল বিধক আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সন্থাই মান্যতা প্ৰদান কৰে৷গোৱা কিক বক্সিং সন্থাই আয়োজন কৰা এই খেলখনত ৬ টা বিভিন্ন শাখাৰ খেল অনুষ্ঠিত হয়। তাৰ ভিতৰত ৮৬ কেজি তলৰ শাখাত হাজো (বাকতা)ৰ মিণ্টু কলিতাই সোণৰ পদক অৰ্জন কৰাৰ লগতে ৮১ কেজি শাখাৰ তলত নলবাৰী জিলাৰ ৰঞ্জিত বৰুৱাই ৰূপৰ পদক অৰ্জন কৰি অসমলৈ সুনাম কঢ়িয়াই আনে। উক্ত দুয়োজন খেলুৱৈয়ে আন্তঃৰাষ্ট্ৰীয় কুম্ফু খেলুৱৈ নলবাৰী জিলাৰ ধৰ্মেশ্বৰ হালৈৰ অধীনত অনুশীলন কৰি আছে।
Trending
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ