পবিত্ৰ ভাদ মাহ আৰু প্ৰাসংগিক চিন্তাৰে

3 685

Dakhinpat_Temple

অসমীয়া মাহৰ অন্যতম গুৰুত্বপূৰ্ণ মাহ বুলিলে ভাদ মাহৰ প্ৰসংগ মনলৈ আহে। বহুতে এই ভাদ মাহটোক ডাঙৰ মাহ বুলিও কয় আৰু বহুতে অসমীয়া মাহৰ অন্যতম পবিত্ৰ মাহ হিচাপে গণ্য কৰে। এই ভাদ মাহতেই মহাপুৰুষ দুজনাই জন্ম গ্ৰহণ কৰিছিল আৰু জগত পালক, ত্ৰাণৰ্কতা শ্ৰীকৃষ্ঞৰ জন্ম হৈছিল। সাধাৰণতে ভাদমাহৰ পৰা পুজা পাৰ্বন আৰম্ভ হয়। অসমৰ নামঘৰ তথা সত্ৰ সমূহত হৰিনামৰ ধ্বনিৰে এক উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হয়। দোকান, বজাৰত বুট, মগু, কল, নাৰিকল, কুঁহিয়াৰ গ্ৰাহকৰ মাজত যথেষ্ট চাহিদা বৃদ্ধি পায়। এইখিনিতে মনলৈ অহা এনে এটা প্ৰসংগ হ’ল ব্যৱসায়িক ভাৱে অথবা চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি এনেবোৰ উপাদানক আমি খেতি হিচাপে নিৰ্বাচন কৰিব নোৱাৰেনে? ইতিমধ্যে কলৰ খেতিক বহুতে জীৱন জীৱিকাৰ অন্যতম সম্বল হিচাপে বাচি লোৱা দৃষ্টিগোচৰ হৈছে। কলপাত খিলাৰ পৰা আদি কৰি গা গছ জোপালৈকে কলগছ বিভিন্ন কামত ব্যৱহাৰ হয়। বানপানীৰ সময়ত কলৰ ভূৰে আৰ্তজনক সকাহ দিয়ে। কলখেতিক ব্যৱসায়িক ভাবে কৰাতো অতি শুভলক্ষণ। ঠিক সেইদৰে নাম প্ৰসংগৰ অথবা পুজাৰ নৈবদ্যবোৰ বাহিৰৰ পৰা আমদানিত অহাখিনি স্থানীয়ভাবে যদি উৎপাদন কৰিব পাৰো, মই ভাবো একাংশ কৃষক লাভম্বিত হোৱাৰ লগতে নিবনুৱা সমস্যাও দুৰীভূত হ’ব।

সদৌ শেষত সমূহ পাঠকক ভাদ মাহৰ শ্ৰদ্ধা নিবেদন কৰিছো।

প্ৰিয় পাঠক, আজিৰে পৰা আৰম্ভ হৈছে সাময়িক বিষয় সামৰি সম সাময়িক নামৰ শিতানটি। পঢ়ি কেনে পালে জনাবলৈ নাপাহৰিব। আমাৰ ই মেইল [email protected]

3 Comments
  1. দিগন্ত বুঢ়া গোহাঞি says

    সাময়িক পঢ়ি ভাল লাগিল।

  2. Gajendra Nath Das says

    পবিত্ৰ ভাদ মাহত মহাপুৰুষ দুজনাৰ তিৰোভাৱ তিথিহে পৰে।

  3. মণিকা দাস says

    হৃদয়জুৰি গুৰু দুজনা মোৰ !..অকল ভাদ মাহেই নহয় ,…আমি ভাগ্য়বান এইখন অসমতে গুৰু দুজনাৰ আৰ্ভিৱাব…সৰ্বগুণাকৰ গুৰুক সুৱৰি আগবঢ়োৱা লিখনীয়ে সকলোকে গ্য়াণ ও কৰ্মমুখী কৰি তোলক !
    “জয় গুৰু শংকৰ ” !

Leave A Reply

Your email address will not be published.