চতিয়া সমষ্টিত ৰাজ্য চৰকাৰৰ আঁচনি অসম দৰ্শনৰ অধীনত নামঘৰ প্ৰতিস্থা -শিশুসকলৰ দ্বাৰা মঞ্চস্থ সীতা হৰণ বালী বধ নাট

0 259

ৰাজ্য চৰকাৰৰ এক আঁচনি অসম দৰ্শন৷ইতিমধ্যে চতিয়া সমষ্টিৰ চুকে কোনে অসম দৰ্শন আঁচনিৰ জৰিয়তে নামঘৰসমূহ আটকধুনীয়াকৈ নিৰ্মাণ হোৱা দেখা গৈছে তাৰ ভিতৰত অন্যতম পাথেকৰকুৰি গাওঁৰ নামঘৰত এই আঁচনিৰ জৰিয়তে আটকধুনীয়াকৈ নিৰ্মাণ কৰি উলিয়াই নামঘৰ প্ৰতিস্থাৰ লগতে ভাওনাকে ধৰি তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে এক উৎসৱমুখৰ পৰিবেশ সৃষ্টি হয় ৷ চতিয়া সমষ্টিৰ বিধায়কৰ প্ৰচেষ্টাত গঢ়ি উঠা নামঘৰত উপস্থিত হোৱা বিধায়ক পদ্ম হাজৰিকাক পাথেকৰকুৰি ৰাইজে কৃতজ্ঞতা স্বৰূপে ভকতি বস্ত্ৰ,শৰাই আৰু প্ৰশংসা পত্ৰৰে উষ্ম সম্বৰ্ধনা জনায় বিধায়কগৰাকীক৷নিশালৈ শিশু সকলৰ দ্বাৰা মঞ্চস্থ কৰা হয় সীতা হৰণ বালী বধ নাট ৷ কণকণ শিশুসকলে সুন্দৰ নাট পৰিবেশনৰে উপস্থিত ৰাইজক মুগ্ধ কৰিবলৈ সক্ষম হয়।

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই।

Leave A Reply

Your email address will not be published.