অসমীয়া ছবি জগতলৈ পুনৰ আহিছে এক ভাল খবৰ। ভবেন হাজৰিকাৰ কাহিনী আৰু পৰিচালনাৰে সত্ৰ নগৰী মাজুলীকেন্দ্ৰিক তথ্যচিত্ৰ ‘আলধৰা দি পাথ অব্ লাইফʼ চুটি ছবিখনে ১০তম দিল্লী আন্তঃৰাষ্ট্ৰীয় চুটি ছবি মহোৎসৱত শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰে।এই খৱৰটোৱে ছবিখনৰ লগত জড়িত সকলো কলা-কুশলীক উৎসাহিত কৰাৰ লগতে মহাপুৰুষজনাৰ অমৰ সৃষ্টি সত্ৰ বিশ্বদৰবাৰত পুনৰ এবাৰ জ্বিলিকাই তুলিবলৈ সক্ষম হৈছে। সত্ৰীয়া সংস্কৃতিৰ সকলো উপাদান থকা তথ্যচিত্ৰখনৰ গীতত কণ্ঠদান কৰিছে শিশুশিল্পী ত্ৰিদীপ শইকীয়া,সঞ্জয় বৰা আৰু নতুন কমলাবাৰী সত্ৰৰ বৰগায়ন প্ৰফুল্ল বৰাই।অভিনয় শিল্পীসকল হৈছে শ্ৰী হৰি বৰা বৰবায়ন,গোবিন বৰা পাঠক,কৰুণা বৰা,সংগীত নাটক অকাডেমি বঁটা প্ৰাপক হৰিচৰণ ভূঞা বৰবায়ন,দিলীপ শৰ্মা,চন্দ্ৰ হাজৰিকা,ৰমেশ বৰা,শিশুশিল্পী স্বপ্ননীল হাজৰিকা,অনুৰাগ কলিতা,গোপাল বৰা,কৃষ্ণ বৰা আদি বহুকেইজন।কেমেৰা পাপু বৰা,সম্পাদনা ঋষিকেশ দাস আৰু ৰূপ সজ্জা সীমান্ত কলিতাৰ আৰু প্ৰযোজনা প্ৰতিভা বৰাৰ। তথ্যচিত্ৰখন অহা ২৪ অক্টোবৰত নতুন দিল্লীত প্ৰদৰ্শন হ’ব।আনুষ্ঠানিক শিক্ষাৰ লগতে সত্ৰীয়া সংস্কৃতিৰে প্ৰভাৱিত কৰি দৈনন্দিন ব্যৱহাৰ্য কৰ্মৰাজিৰ সকলো শিক্ষাৰে শিক্ষিত কৰাৰ সবল উপস্থাপনেৰে আসোঁৱাহপূৰ্ণ আৰু অপশক্তিৰ ক্ৰমাগত বিস্তাৰে কোঙা কৰা সমাজ ব্যৱস্থা সত্ৰীয়া সংস্কৃতিৰে শুধৰোৱাৰ প্ৰচেষ্টা আৰু বিভিন্ন কলাৰ জৰিয়তে সকলোকে জাতীয় জীৱনৰ সৈতে চিনাকি কৰায় দিয়াৰ উদ্দেশ্যৰে ‘আলধৰা’ৰ সৃষ্টি বুলি একে উশাহতে কʼব পাৰি। ভবিষ্যতেও ‘আলধৰা’ৰ দ্বৰে অন্য বিষয়বস্তুৰে এনে ধৰণৰ চুটি ছবি নিৰ্মাণ কৰি যাব বুলি ভবেন হাজৰিকাই আমাক জানিবলৈ দিছে।
Trending
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ ডলী চৌধুৰী আৰু ভুবন চুতীয়াক ৰাষ্ট্ৰপতিৰ মাই ভাৰত এন এছ এছ ৰাষ্ট্ৰীয় বঁটা প্ৰদান
- NSE to build 380cr, 60-bed unit for Tata Memorial Centre at Navi Mumbai
- শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত গ্ৰন্থ উন্মোচনী, কবিতা পাঠ আৰু সম্বৰ্ধনা অনুষ্ঠান
- মৰণোত্তৰ ভাৱে ভাৰত ৰত্ন প্ৰদানৰ দাবী – মুম্বাই সাহিত্য সভাৰ উদ্যোগত মানৱ দৰদী শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি
- যোৰহাটত শিল্পী জুবিন গাৰ্গৰ ১৩দিনীয়া মাংগলিক কাৰ্যসূচী সম্পন্ন
- বি আৰ অ’ৰ পূব মণ্ডল মুখ্য কাৰ্যালয়ৰ উদ্যোগত জালুকবাৰীত ‘স্বচ্ছতা’ অভিযান
- NSE registered investor base crosses 12 crore (120 million) unique investors (unique PANs)
- জুবিন গাৰ্গলৈ কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ শ্ৰদ্ধাঞ্জলি
- ছত্তীশগঢ়ৰ ৰাজভৱনত উজানবজাৰৰ ভাওনা শিল্পী দলক সম্বৰ্ধনা -দৰবাৰ হলত জুবিন গাৰ্গৰ স্মৃতিত মৌন প্ৰাৰ্থনা
- জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ দিনা এজন অচিনাক্ত ব্যক্তিক সৎকাৰ কৰে পথিকে